• লাহৰীঘাটত ভেটি খহিল কংগ্ৰেছ-এআইইউডিএফৰ! গেৰুৱাবসন পিন্ধিলে সংখ্যালঘু সম্প্ৰদায়ৰ শতাধিক পুৰুষ-মহিলাই

    আঞ্চলিক
    লাহৰীঘাটত ভেটি খহিল কংগ্ৰেছ-এআইইউডিএফৰ! গেৰুৱাবসন পিন্ধিলে সংখ্যালঘু সম্প্ৰদায়ৰ শতাধিক পুৰুষ-মহিলাই
    ডিজিটেল ডেস্ক: মৰিগাঁও জিলাৰ কংগ্ৰেছ এআইইউডিএফৰ দুৰ্গ হিচাপে পৰিচিত লাহৰীঘাটতত নিৰ্বাচনৰ পূৰ্বে দল দুটাত হৈছে ব্যাপক খহনীয়া। সংখ্যালঘু সম্প্ৰদায়ৰ আলিম, হাফিজ মৌলবীয়ে যোগদান কৰিলে বিজেপিত। লাহৰীঘাট সমষ্টিৰ জৰিবৰ বালিপাৰাত বিজেপিৰ যোগদান সভাত দুই শতাধিক সংখ্যালঘু ভোটাৰে পিন্ধিলে গেৰুৱা বসন৷ আলিম, হাফিজ, মৌলবীয়েও গেৰুৱা বসন পিন্ধিলে লাহৰীঘাটত। 

    ৰবিবাৰে লাহৰীঘাটৰ জৰিবৰৰ বালিপাৰাত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত হাফিজ, মৌলানাকে ধৰি শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ-মহিলাই বিজেপিত যোগদান কৰে৷

    বিজেপি চৰকাৰৰ উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈয়ে বিজেপিত যোগদান কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে এগৰাকী মৌলানাই৷ 

    এই যোগদান কাৰ্যসূচীত বিজেপিৰ মহিলা নেত্ৰী চালমা জেছমিন, মৰিগাঁও জিলাৰ সভাপতি প্ৰবীণ মেধিকে ধৰি ৰাজ্যিক বিজেপি আৰু স্থানীয় নেতাসকল উপস্থিত আছিল। লাহৰীঘাটৰ সংখ্যালঘু ভোটবেংকত এনে খহনীয়াৰ পাছত ৰাজনৈতিক মহলত সৃষ্টি হৈছে বহু প্ৰশ্নৰ। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত লাহৰীঘাটৰ সংখ্যালঘু ভোটবেংক সুৰক্ষিত কৰি ৰাখিবলৈ প্ৰদ্যুত বৰদলৈয়ে কি কৌশল অৱলম্বন কৰে, সেয়াহে হ’ব লক্ষ্যণীয়৷