• কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা! পিজিৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কালিনা বৰুৱাৰ

    আঞ্চলিক
    কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা!  পিজিৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কালিনা বৰুৱাৰ
    ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ চৰম সিদ্ধান্ত। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী কালিনা বৰুৱাই পিজিৰ দ্বিতীয় মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰিছে।

    প্ৰণলয়া পি জিত সংঘটিত হয় এই ঘটনা। ছাত্ৰীগৰাকীয়ে জপিওৱাৰ পাছত  গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় ছাত্ৰীগৰাকীৰ

    মংগলবাৰে পুৱা ৯.৩০ বজাত সংঘটিত হৈছিল ঘটনা। ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈছিল ছাত্ৰীগৰাকীয়ে।

    ৬-৭ মাহ ধৰি প্ৰণলয়া ছাত্ৰীবাসত আছিল কালিনা।

    ঘটনা সংঘটিত হোৱাৰ পিছতেই তাৎক্ষণিক ভাৱে পলিক্লিনিকলৈ লৈ যোৱা হয়  কালিনাক।  তাৰপৰা তেওঁক নেমকেয়াৰলৈ লৈ যোৱা হয়। 

    সমগ্ৰ ঘটনাৰ বিষয়ে জনোৱা হৈছিল অভিভাৱকক। মোৱাইল আৰু ডায়েৰি এখন আৰক্ষীয়ে লৈ যায়। 

    বিহুৰ কাৰণে পিতৃয়ে ঘৰলৈ বুলি নিবলৈ আহিছিল ছাত্ৰীগৰাকীক।  পিতৃ আহি থকা অৱস্থাত বাটতে পি জি কৰ্তৃপক্ষই ঘটনাৰ বিষয়ে অৱগত কৰোৱাই অভিভাৱকক।

    ঘটনাৰ বিষয়ে অভিভাৱকৰ তৰফৰ পৰা বৰ্তমানেও দাখিল কৰা নাই এজাহাৰ। ছাত্ৰীগৰাকীৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে ৷