• ধনৰ লোভত বহিঃৰাজ্যৰ নাৰীদেহ ব্যৱসায়ীক বিক্ৰী কন্যা

    আঞ্চলিক
    ডিজিটেল ডেস্কঃ ‘লোভেই পাপ, পাপেই মৃত্যু...’- লোভৰ বাবেই যে সংসাৰত কত কি নঘটে? আমালৈ অহা খবৰ অনুসৰি লখিমপুৰত ধনৰ লোভত এইবাৰ মাতৃয়ে কন্যাক বিক্ৰী কৰিলে বহিঃৰাজ্যৰ নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত। লখিমপুৰ আৰক্ষীৰ জালত পৰিছে মানৱ সৰবৰাহকাৰী চক্ৰৰ দলটো। তিনিগৰাকী মহিলাসহ বহিঃৰাজ্যৰ চাৰি মানৱ সৰবৰাহকাৰীক আটক কৰে লখিমপুৰ আৰক্ষীয়ে। 

    লখিমপুৰ ৰে’লৱে ষ্টেচনৰ পৰা ৰাজস্থানলৈ যাবলৈ ওলাওঁতেই আটক কৰা হয় দলটোক। আটকাধীন ব্যক্তিকেইজন ক্ৰমে ধৃত ৰমেশ কুমাৰ ডুবি, আজাদ পাৰিক, মহেশ কুমাৰ পনোৱাৰ আৰু বলবিন্দৰ সিঙক। লখিমপুৰৰ পানীগাঁৱৰ মাজগাঁৱৰ মাতৃয়ে ১লাখ ৩০ হাজাৰ টকাত বিক্ৰী কৰিছিল ৰাজস্থানৰ মানৱ সৰবৰাহকাৰী চক্ৰটোক। অধিক তথ্যৰ বাবে মানৱ সৰবৰাহকাৰী দলটোক জেৰা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে।

    Weather Forecast