ডিজিটেল ডেস্কঃ মৰিগাঁৱৰ মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত চাইবাৰ অপৰাধী। ধৃত চাইবাৰ অপৰাধীটোৰ নাম ৰেকিব আহমেদ৷ ৰেকিবৰ ঘৰ মৈৰাবাৰীৰ বৰচাপৰিত।
ধৃত চাইবাৰ অপৰাধীটোৱে বিভিন্ন ব্যক্তি আৰু কোম্পানীৰ পৰা কোটি কোটি টকা চাইবাৰৰ জৰিয়তে সংগ্ৰহ কৰিছিল।
পূৰ্বেও চাইবাৰ অপৰাধত জে’ল হাজোতলৈ প্ৰেৰণ কৰা হৈছিল ৰেকিব আহমেদক।
জে’লৰ পৰা ওলায়েই আকৌ এই অপৰাধত জড়িত হৈ পৰিছিল যুৱকজন। অসমীয়াত এষাৰ কথা আছে ‘‘চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাঁই, যাৰ যি প্ৰকৃতি মৰিলে লগতে যায়’’... সেই কথাষাৰেই যেন প্ৰযোজ্য হ’ল ৰেকিবৰ জীৱনত৷
জে’লত কাৰাবন্দী জীৱন কটাই অহাৰ পাছতো শুধৰণি নহ’ল ৰেকিবৰ৷ মুকলি আকাশৰ তললৈ অহাৰ পাছতেই পুনৰ ভৰি দিলে অপৰাধ জগতত৷
দীৰ্ঘদিনে পলাতক অবস্থাত থকা ধৃত চাইবাৰ অপৰাধীটোক আজি মৈৰাবাৰী আৰক্ষীয়ে মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমান অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে মৈৰাবাৰী আৰক্ষীয়ে।
মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপোৰ্ট
Leave A Comment