ডিজিটেল ডেস্কঃ ধমধমাৰ নিকটৱৰ্তী বাক্সা জিলাৰ ভেৰভেৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ।
পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।
মৃতদেহটো বাক্সাৰ উত্তৰ বৰশিৰাল গাঁৱৰ জ্যোতিৰ্ময় গোস্বামীৰ বুলি জানিব পৰা গৈছে।
পুৱা গা ধুবলৈ গৈ সলিল সমাধি ঘটাৰ সন্দেহ স্থানীয় ৰাইজৰ।
স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বৰমা আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
নলবাৰী মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মেধাৱী ছাত্ৰ আছিল জ্যোতিৰ্ময় গোস্বামী ওৰফে ৰিংকু।
২০১২ চনত টেট শিক্ষক হিচাপে যোগদান কৰিছিল জ্যোতিৰ্ময় গোস্বামীয়ে।
২০১৬ চনত নলবাৰী বিধানসভা সমষ্টিৰো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল গোস্বামী।
অসম গণ পৰিষদৰ নেতা তথা শিক্ষক প্ৰয়াত হৰেকৃষ্ণ গোস্বামীৰ জ্যেষ্ঠ পুত্ৰ জ্যোতিৰ্ময় গোস্বামীয়ে এটা সময়ত বিভিন্ন অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰিছিল।
যুৱকজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।
Leave A Comment