ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা। পৰীক্ষা আৰম্ভণিৰ দিনটোতেই দেৰগাঁৱৰ ভিতৰুৱা সাঁকোপাৰাৰ এটা পৰিয়ালত উঠিছে কান্দোনৰ ৰোল।
হাঁহিৰাম বৰা আৰু ৰূপালী বৰাৰ অতি দৰিদ্ৰ পৰিয়ালটোৰ পুত্ৰ প্ৰান্তিক বৰা আছিল উচ্চতৰ মাধ্যমিকৰ এজন পৰিক্ষাৰ্থী। অধ্যয়ন কৰিছিল ব্ৰহ্মপুত্ৰ জেষ্ঠ মাধ্যমিক বিদ্যালয়ত। ইঘৰে-সিঘৰে দিন হাজিৰা কৰি মাতৃয়ে যোগান ধৰিছিল পুত্ৰৰ পঢ়াৰ খৰচ। পৰীক্ষাৰ প্ৰ-পত্ৰৰ মাচুলো জমা দিছিল প্ৰান্তিকে। কিন্তু বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পৰীক্ষাৰ বাবে নাহিল এডমিট কাৰ্ড।
পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'ল পৰিক্ষাৰ্থীগৰাকী। মাতৃৰ কষ্টৰ টকা কেইটা অথলে যোৱাৰ বাবে দুখত ভাগি পৰিছিল প্ৰান্তিক। হতাশাত ভুগি যোৱা ৬ ফেব্ৰুৱাৰীত বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা কৰিছিল প্ৰান্তিকে। পৰিয়াল আৰু চিকিৎসকৰ তৎপৰতাত প্ৰান্তিক সুস্থ হৈ উঠিল যদিও বৃহস্পতিবাৰে নিজৰ ঘৰৰ সন্মুখেদি পৰীক্ষাৰ্থী সকলক যোৱা দেখি কান্দোনত ভাগি পৰে ছাত্ৰজনৰ লগতে পৰিয়ালৰ লোকসকল।
এতিয়া সকলোৱে বিচাৰিছে কৰ্তৃপক্ষৰ গাফিলতিৰ বিচাৰ হ'ব লাগে যিহেতু কৰ্তৃপক্ষৰ ভুল বা হেমাহিৰ বাবেই অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ এটা শিক্ষাবৰ্ষ নষ্ট হোৱাৰ লগতে ধূলিস্যাৎ হ'ল পৰিয়ালটোৰ সপোন।
Leave A Comment