• ঢেকিয়াজুলিৰ এখন ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড

    আঞ্চলিক
    ঢেকিয়াজুলিৰ এখন ঘৰত শ্বৰ্ট চাৰ্কিটৰ ফলত ভয়ংকৰ অগ্নিকাণ্ড
    ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চিৰাজুলিৰ দেৱব্ৰত মহন্তৰ বাসগৃহত ভয়ঙ্কৰ অগ্নিকাণ্ড৷ চৰ্ট চাৰ্কিটৰ ফলতে বিধ্বংসী অগ্নিকাণ্ডটি সংঘটিত হোৱাৰ সন্দেহ৷ আনুমানিক ডেৰ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষয়ক্ষতি৷

    বিধ্বংসী অগ্নিকাণ্ডৰ ফলত নিমিষতে জ্বলি শেষ হ'ল পৰিয়ালটিৰ আবাসগৃহ। দপদপকৈ জ্বলি উঠে জুই আৰু কথমপিহে পৰিয়ালৰ লোকসকলৰ প্ৰাণ ৰক্ষা পৰে৷ কম সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই পৰিয়ালটোৰ বাসগৃহৰ আটাইকেইটা কোঠা আগুৰি ধৰে৷ 

    লগে-লগে পৰিয়ালটোৰ সদস্যসকলৰ মাজত হাহাকাৰ লাগে আৰু যেনেতেনে নিজক ৰক্ষা কৰি বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হোৱা পৰিয়ালটোৱে উপায়বিহীন হৈ সহায় বিচাৰি চিঞৰ-বাখৰ কৰে৷ পৰিয়ালৰ সদস্যই অগ্নি নিৰ্বাপক বাহিনীৰ লগতো যোগাযোগ কৰে৷ পাছত প্ৰতিবেশীসকল আহি পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ কম পৰিমাণৰ বয়-বস্তুহে ঘৰৰ বাহিৰ কৰিব পাৰে৷ 

    ইতিমধ্যে জুইত জাহ গ’ল পৰিয়ালটোৰ বহু সা-সম্পত্তি৷ কিছু পলমকৈ অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীলৈ আহি জুই নিৰ্বাপন কৰে৷ চৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে৷ পৰিয়ালৰ লোকে জনোৱা মতে অগ্নিকাণ্ডটোৰ ফলত আনুমানিক ডেৰকোটি টকাৰ সা-সম্পত্তি হানি হৈছে৷ 

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinejudi baccarat onlinesabung ayam onlinecasino onlinesabung ayam online livezeus slotslotsitus slotlive casino onlinesv388scatter hitamsabung ayam onlineagen casino online