ডিজিটেল ডেস্কঃ দেখিলেই মৰম লগা এটি সাত বছৰীয়া কণমাণি। বিশেষভাৱে সক্ষম এই কণমাণিটো। ধিঙৰ নামডুমডুমীয়া সত্ৰৰ পিতৃ মন্টু নাথ আৰু মাতৃ যোগমায়া দেৱীৰ একমাত্ৰ সন্তান এই বিশেষভাবে সক্ষম কণমাণিটো। অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃয়ে অনিচ্ছা স্বত্বেও ৰচীৰে বান্ধি ৰাখিৱলগীয়া হয় এই কণমাণিটোক।
শিশুটিক পৰ্যাপ্ত চিকিৎসা কৰিবলৈও সামৰ্থ নাই দুৰ্ভগীয়া পিতৃৃ-মাতৃৰ। পিতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে চলাই আহিছে পৰিয়ালটি। ইপিনে চৰকাৰে দৰিদ্ৰ লোকৰ বাবে আগবঢ়োৱা আঁচনিৰ পৰাও বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটো। অৰুণোদয়, ৰেচন কাৰ্ডৰ যোগ্য যদিও তাৰ পৰাও বঞ্চিত এই পৰিয়ালটো।
এফালে বিশেষভাৱে সক্ষম একমাত্ৰ সন্তানৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ আৰু আনফালে বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰাও। উপায়ন্তৰ হৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয় লোকৰ পৰা বিচাৰিছে সহায়। কোনো লোকে যদি এই পৰিয়ালটোক সহায় আগবঢ়াব বিছাৰে তেন্তে কণমাণিটোৰ মাতৃৰ SBI ৰ ধিং শাখাত থকা একাউণ্ট নং 35283128881 (IFSC Code SBIN2050) ত সহায় আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
Leave A Comment