ডিজিটেল ডেস্কঃ বাক্সাৰ গোৱৰ্ধনা আৰক্ষীৰ বৃহৎ সফলতা৷
এই বৃহৎ অভিযানত ৪৩টা ড্ৰাগছৰ কন্টেইনাৰসহ আটক ২।
গোপন সুত্ৰৰ পমখেদি গোৱৰ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিৎ গগৈৰ নেতৃত্বত আটক বাক্সাৰ বাৰাপেটাৰ ছানিদুল মণ্ডল(২৩) আৰু বগুৰিগুৰী গাঁৱৰ ইলিয়াছ ছিদ্দিক(২২)ক আটক কৰিবলৈ সক্ষম হয়৷
গোৱৰ্ধনা আৰক্ষীয়ে বাক্সাৰ বাৰাপেটা মিলন বজাৰৰ সমীপত অতৰ্কিতে চলোৱা অভিযানত আৰক্ষীয়ে এই বৃহৎ সফলতা লাভ কৰে৷
আটকাধীন দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে৷
উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ অবাধ বেহা চলি আহিছিল বুলি এক সুত্ৰই প্ৰকাশ কৰিছে৷
Leave A Comment