ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চল যেন পৰিণত হৈছে নিষিদ্ধ ঘোষিত ড্ৰাগছৰ চোৰাং বেহাৰ ঘাটিত। উত্তৰ পূবৰ ৰাজ্যকেইখনত চলিছে এই নিচাজাতীয় সামগ্ৰীসমূহৰ অবাধ সৰবৰাহ।
শেহতীয়াকৈ অসমৰ কেইবাটাও অঞ্চলত ড্ৰাগছৰ ঘটনা পোহৰলৈ আহিছে। ঠায়ে ঠায়ে ড্ৰাগছ জব্দ হোৱাৰ পাছতেই চিন্তিত হৈ পৰিছে সচেতন মহল।
অসম আৰক্ষী তথা অসম চৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা স্বত্বেও ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৰাজ্যজুৰি চলি আছে।
শেহতীয়াকৈ বিজনীৰ দতুৰীত সোমবাৰে নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ হৈছে এটা সৰবৰাহকাৰী।
বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য প্ৰকাশ দেউৰীসহ আৰক্ষীৰ এটা দলে সৰবৰাহকাৰীটোৰ দতুৰীৰ বাসভৱনত চলোৱা অভিযানত ২৬ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে। কিছু সংখ্যক খালী কণ্টেইনাৰ জব্দো কৰে আৰক্ষীয়ে।
ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটোৰ নাম কলিমুদ্দিন শ্বেখ। ধৃত সৰবৰাহকাৰীটোৰ বয়স ৪৫ বছৰ।
আৰক্ষীয়ে জেৰা কৰিছে কলিমুদ্দিন শ্বেখক।
Leave A Comment