ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চল যেন পৰিণত হৈছে নিষিদ্ধ ঘোষিত ড্ৰাগছৰ চোৰাং বেহাৰ ঘাটিত। উত্তৰ পূবৰ ৰাজ্যকেইখনত চলিছে এই নিচাজাতীয় সামগ্ৰীসমূহৰ অবাধ সৰবৰাহ।
শেহতীয়াকৈ অসমৰ কেইবাটাও অঞ্চলত ড্ৰাগছৰ ঘটনা পোহৰলৈ আহিছে। ঠায়ে ঠায়ে ড্ৰাগছ জব্দ হোৱাৰ পাছতেই চিন্তিত হৈ পৰিছে সচেতন মহল।
অসম আৰক্ষী তথা অসম চৰকাৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা স্বত্বেও ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৰাজ্যজুৰি চলি আছে।
শেহতীয়াকৈ শিলচৰ ৰে'লৱে ষ্টেছনত কাছাৰ আৰক্ষীয়ে চলালে ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানত দুই ড্ৰাগ্চ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেছনৰ কাষত বিশেষ অভিযান চলায়। এই অভিযানতে আৰক্ষীৰ জালত পৰে ড্ৰাগছ সৰবৰাহকাৰী আবালুৰ ৰহমান আৰু জিন্নত আলী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ ঘৰ নগাঁৱত।
তেওঁলোকৰ পৰা ৫টা চাবোনৰ বক্সত সন্দেহজনক হেৰইন উদ্ধাৰ কৰা হয়। যাৰ মূল্য প্ৰায় ২৯ লাখ টকা।
Leave A Comment