ডিজিটেল ডেস্কঃ মাৰাত্মক ড্ৰাগছে গ্ৰাস কৰিছে অসমৰ যুৱ প্ৰজন্মৰ একাংশক। এচাম যুৱক-যুৱতীৰ মাজত দিনক দিনে বাঢ়িছে ড্ৰাগছ আসক্তি। ড্ৰাগছৰ বিৰুদ্ধে অসম চৰকাৰ তথা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতো ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও ড্ৰাগছৰ প্ৰচলন অব্যাহত আছে।
দেৰগাঁৱৰ ড্ৰাগছ পেডলাৰ মাইনা গগৈ পৰিল আৰক্ষীৰ জালত৷ এক গোপন তথ্যৰ ভিত্তিত গোলাঘাট উপ আৰক্ষী অধীক্ষক আৰু দেৰগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে মাইনা গগৈক৷
৭৪.২৩ গ্ৰাম ড্ৰাগছ আৰু নগদ ৬৪ হাজাৰ টকা মাইনা গগৈৰ ঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে৷ খেৰৰ মেজিৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ৷ এটা মোবাইল ফোন আৰু কিছু আপত্তিজনক সামগ্ৰীও জব্দ কৰে দলটোৱে৷
১-১০-২০২৪ তাৰিখে ড্ৰাগছ বিৰুধী বাহিনীয়ে নাম প্ৰকাশ কৰি মূুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল৷ অৱশেষত ড্ৰাগছ পেডলাৰ মাইনা গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷
কুখ্যাত ড্ৰাগছ পেডলাৰ মাইনা গগৈৰ গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ সচেতন মহলৰ।
Leave A Comment