• সহস্ৰ যৌৱনৰ উদ্দীপনাৰ উৎস হৈ আকৌ ব’হাগ...

    আঞ্চলিক
    সহস্ৰ যৌৱনৰ উদ্দীপনাৰ উৎস হৈ আকৌ ব’হাগ...
    বিহু বিষয়ক লেখা
    ……………….................
    শিৰোনামঃ- সহস্ৰ যৌৱনৰ উদ্দীপনাৰ উৎস হৈ আকৌ ব’হাগ...
    …………………………….

    - নিৰ্মল ডেকা 
    ...............................

    মধুময় বসন্তই নঙলাৰ জেউৰাখন আঁতৰাই বহাগক আদৰি আনিছে|প্ৰকৃতি ৰাণীয়ে পুৰণি বসন সোলকাই ন-সাজে ৰচকী পখিলীজনী হৈ উঠিছে| সুৰুযমুখি কুঁহিপাতৰ আগলিত নতুন নতুন আশাৰ  পোখা | ফুলৰ ৰেণুত ভোমোৰাৰ চুম্বন | চৰাই চিৰিকটিৰ কলৰব নতুন দিনৰ সুৰুযৰ ছাঁ পোহৰত| বছৰেকৰ মূৰকত প্ৰকৃতিৰ এনে পৰিৱৰ্তনে জীৱশ্ৰেষ্ঠ মানুহৰ মনতো নতুন দিনৰ বীণ বজাই নোতোলে নে? সময়ৰ অগ্ৰগতিত মানুহ আজি কেবল নষ্টালজিক বা ৰমন্যাসবাদৰ বেহুত আৱৰ্ত হৈ নেথাকি ভাবনাৰ  সেই বেহু ভেদি জীৱনটোক নকৈ চোৱাৰ দৰকাৰ আছে, কিছু দ' কৈ ভাবিবৰ দৰকাৰ আছে—আৰু এইফেৰা কামৰ আৰম্ভনি আমি  ব'হাগতে কৰোচোন | বিজ্ঞসকলে ব’হাগ মাহক ১২মাহৰ অন্যতম মাহ বুলি কৈছে কাৰণ, ব’হাগত প্ৰকৃতিৰ অনুমোদন থাকে —পৰিৱৰ্তনৰ|

    ব'হাগ বুলি কলেই অসমীয়াৰ বাপতি সাহোন বিহুটি আৰু বিহু মানেই হৈছে অসমীয়াৰ স্বাভিমান| যাক বাদ দি অসমীয়া জাতীয় জীৱনৰ কথা ভাবিব নোৱাৰি| এই ব'হাগেই অসমীয়াৰ জাতীয় জীৱন প্ৰজ্জোলিত কৰি ৰাখিছে| ভূপেন হাজৰিকাই গীতৰে প্ৰশ্ন কৰিছে—

    ‘স্বকীয় ৰূপ লৈ ব'হাগনো আহে ক'লৈ?’ 

    তেওঁ আকৌ কৈছে—
    ‘ব্ৰহ্মপুত্ৰৰ দুয়োপাৰলৈ নহয় জানো?’

    এই ব'হাগে ব্ৰহ্মপুত্ৰৰ দুইপাৰক নৱ জীৱন দিয়ে| যি ব্ৰহ্মপুত্ৰই যুগ যুগ ধৰি দুয়োপাৰৰ নানা জাতি উপজাতিৰ কৃষ্টি-সংস্কৃতিক আকোৱালি সমন্বয়ৰ নিখুঁট অৰ্থ প্ৰকাশ কৰি আহিছে| কিন্তু সেই একেখনি ব্ৰহ্মপুত্ৰৰ স্বকীয়তাই যি অত কাল ধৰি সহস্ৰ অতিথিক সাবটি ললে সেই লুইতক যদি কোনোবাই অবহেলা কৰে, প্ৰাপ্য অধিকাৰ নোপোৱাৰ বেদনাই যেতিয়া ধৈৰ্যৰ সীমাকো চেৰ পেলাই যায় তেতিয়া ? তেতিয়াই মহাবাহু ব্ৰহ্মপুত্ৰ হৈ পৰে বহ্নিমান| 

    সমন্বয়ৰ আকুলতাই কান্যকুব্জৰ বাৰভূঞা,মৰুৰ দেশৰ আজান ফকীৰ,দিল্লীৰ দিলোৱাৰ,পঞ্চনদীৰ তেগ বাহাদুৰক দুবাহুৰে আকোৱালি লৈ মহাবাহু ব্ৰহ্মপুত্ৰই যি সমন্বয়ৰ বাৰ্তা সমাজত বিলাই দিলে সেই সমন্বয়ৰ বাটেৰে পুৰণি পুৰুষে কৰা ভুলবোৰ ওফৰাই যেতিয়া  নতুন পুৰুষে সমাজখন গঢ়িবলৈ সংগ্ৰামী খোজ দিয়ে তেতিয়া গীতিকাৰে নতুন পুৰুষক উদ্দেশ্যি কয়—

    'লুইতে আজি ফেনে-ফোটোকাৰে
    তীব্ৰ বেগেৰে ব'লে
    তোমাৰ সাহৰ জোৱাৰ দেখি
    নতশিৰে প্ৰণামিলে |'

    ব'হাগ বুলি কলেই বিহুবলীয়া আমিবোৰৰ মনলৈ আহে বিহুতলীৰ কথা,বিহুগীতৰ কলি,মনত পৰে চেনেহীৰ তাঁতশাল খনলৈ, প্ৰাণচঞ্চলতা আনি দিয়া ব'হাগে মনত পেলাই দিয়ে চেনেহীৰ খোপাত এপাহ কপৌ ফুল গুজি দিয়াৰ কথা| কিন্তু ভূপেন হাজৰিকাৰ দৃষ্টিত বছৰেকৰ মূৰত আহি অসমীয়াৰ দেহত যৌৱনৰ ৰূপ লাৱন্য ফুটাই তোলা,মন উতনুৱা কৰা এই ব'হাগ কেবল  মাথো এটি ঋতু কিম্বা মাহ নহয় | বিহুৰ দিনকেইটাত পুৱতি নিশালৈকে উজাগৰে থাকি অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ  চমকত আলোকিত এখন বিহুতলীও নহয় , অসমৰ শিপিনীয়ে যিখন  তাঁতশালত সপোন ৰচে সেই তাঁতশালৰ  মাকোটিও নহয় এই ব'হাগ ,কুলি-কেতেকীয়ে বিৰিখৰ ডালত বহি কলেৰৱ কৰা মানেই ব'হাগ  হ'ব নোৱাৰে | ভূপেন হাজৰিকাৰ দৃষ্টিত ব'হাগ বিহুতলীত ইনাই বিনাই গোৱা বিহুগীতো নহয় তেন্তে ব'হাগ আমাৰ বাবে কি? এই কি বুলি উঠা চিঞৰটিতেই সোমাই আছে গীতিকাৰে বুজাবলৈ যোৱা প্ৰকৃত ব'হাগৰ গূঢ়াৰ্থ |সুধাকন্ঠই ব'হাগৰ লিখনিবোৰত বাৰে প্ৰতি অসমীয়া জাতিটোক Assert হোৱাৰ কথা কৈছিল |সুধাকন্ঠ অত্যন্ত দূৰদৰ্শী ব্যক্তি আছিল ব'হাগৰ মূল উদ্দেশ্য আৰু লক্ষ্য কি হোৱা উচিত,অসমীয়াই ব'হাগক কিদৰে লব ,তাৰ অপ্ৰমাদী দৰ্শন 'বহাগ মাথো এটি ঋতু নহয়' গীতটি —ব'হাগ বৃহত্তৰ অসমীয়া জাতিটোৰ আয়ুস ৰেখা ,সাধাৰণ মানুহৰ জীয়াই থকাৰ সাহস ,আৰু? ব'হাগে জাতিটোৰ মাজত সমন্বয়ৰ এনাজৰীডালৰ অভিভাৱক, নৱ নতুন চিন্তাৰ ঢৌৰে জীৱনৰ আকাশ উজলাই তোলা এটি মাহ|ব'হাগ সংগ্ৰামৰ মাজেদি হ'লেও নতুনক আকোৱালি লৈ আগুৱাই যোৱাৰ ৰাজআলি,একতাৰ দৌল| সাতামপুৰুষীয়া কৃষ্টি পৰম্পৰাৰে খোচিত 'সাচিপাত পুথিৰে পাত '—

    ' বহাগ মাথোঁ বিহুগীত নহয়
    ইনাই বিনাই গোৱা
    বহাগ এখনি সৃষ্টি দলিল
    সূৰ্যৰ জ্যোতিত পোৱা
    বহাগেই এন্ধাৰৰ ত্ৰাস|| '

    এই ব'হাগ এন্ধাৰৰ বিনাশী ব'হাগ |যি এন্ধাৰ নাশ কৰিব ব'হাগত প্ৰাণ পাই উঠা সহস্ৰ যৌৱনে|

    কিন্তু পূৰ্বৰ বিহুৰ তুলনাত এতিয়াৰ বিহুটিৰ ৰেহৰূপত বিৰাট পাৰ্থক্য বুলি বিজ্ঞসকলে কয়|মানুহবোৰ মনত নৈতিক দ্বায়িত্ববোধৰ সলনি আনন্দ প্ৰৱণতাই অধিক হোৱা পৰিলক্ষিত হৈছে|মূল পৰম্পৰাৰ আত হেৰুৱাই অসমীয়াৰ বাপতি সাহোন বোলা বিহুটিত আধুনিকতাৰ আচোৰে সাতামপুৰুষীয়া সংস্কৃতিলৈ ভাবুকি নমাই আনিছে|বিহুৰ বতৰতে দুই এজনে বাটচ'ৰাত আলচ কৰা শুনিবলৈ পাইছো যে - বিহাৰৰ বিহাৰীজনে আহি হেনো অসমীয়াৰ বজাৰখন নিজৰ কৰি ল'লে,পঞ্জাৱৰ পঞ্জাবীয়ে আহি অসমীয়াৰ হাতৰপৰা ঠিকা, কনট্ৰেক্ট নিজৰ হাতলৈ হেনো নিলে,পশ্চিমবংগৰ বেপাৰীয়ে আহি অলিয়ে গলিয়ে বহুতো  দোকান পোহাৰ খুলি পেট প্ৰৱৰ্তাই নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষিত কৰি নিজৰ সংস্কৃতি ৰক্ষাত উঠি পৰি লাগিছে|কিন্তু আমাৰ অসমীয়াই ভূপেন হাজৰিকাই সকিয়াই যোৱা সেই একান্নব্বৈৰ ব'হাগৰ পাছত এই একবিংশ শতিকাতো কেবল অমুকে বজাৰখন নিলে,তমুকে মাটিডোখৰ নিলে বুলি চিঞৰিয়েই আছে|কেবল মাথো চিঞৰিলেই ন'হব ভূপেন হাজৰিকাই সেয়েহে গভীৰ উপলব্ধিৰে লিখিছে যে—

    ' তিল তিল কত তিল,তিল পিঠা নাই|
    কুঁহিয়াৰ আছে তাক পেৰোঁতাহে নাই| '

    প্ৰাকৃতিক ঐশ্বৰ্যৰ  দিশৰ পৰা অসম 'যোগ্য ভোগ্য বসুন্ধৰা' ন'হলেনো অসমৰ মাটি পানীৰ প্ৰতি বাহিৰৰ মানুহখিনিৰ ইমান হেপাঁহ জাগেনে?বিদেশী পৰ্যটকে আহি মাহৰ পাছত মাহ ধৰি থাকি,অসমীয়া সংস্কৃতিক বুজি, শিকি অসমৰ সংস্কৃতিৰ ওপৰত গৱেষণা কৰিবলৈ উঠি পৰি লাগেনে? অসমৰ বননিত পোৱা নানাপ্ৰকাৰৰ বনৌষধিৰে অইন দেশৰ মানুহবোৰে সেই ঔষধেই অসমীয়াৰ তাত বিকি নিজে স্বাৱলম্বী হোৱা নাইনে? অসমীয়াৰ মাটিত লগুৱা খাটি ,আধিত খেতি কৰি, বংগীয় মুছলমান সকলৰ উন্নতি আমি দেখা নাই জানো!অসমৰ বাহিৰৰ পৰা আহি শাক পাচলিৰ বেপাৰ কৰি ,ফুটপাথত চাহ বিকি দুপইচা অৰ্জন কৰি পৰিয়াল পোহপাল দি ,সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি মানুহ কৰিছে আৰু অসমীয়াই? অসমীয়াই পদপথত চিগাৰেট হুপি সেইবোৰ আলচ কৰা দিন এতিয়া আৰু নাই|এনেকৈ অসমীয়াই এলাহৰ আলি গঢ়ি অইনৰ দৃষ্টিত নিজকে হাঁহিআতৰ পাত্ৰ কৰিহে তুলিছে|

    ' অসমী আইৰে বৰঘৰ মজিয়াত
    বৰখুঁটা এলাহৰ ঘূণে খাইছে,
    এটি ধোদৰ আলি গঢ়ি হাত সাবটি
    অসমৰ ৰণুৱাই ৰং চাইছে| '

    এই এলাহে আজি অসমীয়াৰ অৰ্থনীতি দুৰ্বল কৰি তুলিছে|উপযুক্ত কৰ্মৰ পাৰিশ্ৰমিক নোপোৱা বাবেই তাঁতশালত অসমীয়া শিপিনীৰ আগৰ সেই উদ্যম নাই|দুটা টকা বেছিকৈ দি বোলো অসমীয়া শিপিনিৰে গাত লাগক টকা কেইটা সেইখিনি ভাবিবৰ আহৰি নাই,৮০-৯০ টকাৰ চালানী গামোছাই ভাল!খোদ অসমীয়াই নুবুজে অসমীয়াৰ বেথা|কিন্তু ভূপেন হাজৰিকা আছিল গভীৰ আশাবাদী তেওঁ গীতেৰে শ্ৰোতাৰ কাণ চুৱাইছে এইবুলি—

    ' মূৰৰ ফুলাম গামোছাখনি
    ক'ৰবাৰ শেনে আহি নিলেহি টানি
    গ'ল গ'ল,
    গ'ল গ'ল বুলি মাথোঁ চিঞৰিলে
    তাকে দেখি শেনহঁতে ৰগৰ কৰিলে|
    অসমীয়াই এইবোৰ ভাবি চাবৰ ,
    বহাগেই বতৰ কিজানি|'

    তাহানি হিল-দ'ল ভাঙি  মন এটা দি যোৱা  বৰদৈচিলাজনী এতিয়া বছৰেকৰ মূৰত অসমীয়াৰ মনত থিতাপি নোলোৱাকৈ অহা যোৱা কৰা  দেখি গীতিকাৰে ক্ষোভ প্ৰকাশি কয়—

    ' বৰদৈচিলাজনীৰ আগচুলি থপিয়াই
    মাটিলৈ নমাই আনি
    অসমীয়াৰ মনটোত সুমুৱাই দিবলৈ
    ব'হাগেই বতৰ কিজানি |'

    বছৰৰ পহিলা ব'হাগৰ দিনা নিজ দ্বায়িত্ববোধৰ  কথা যেতিয়া ৰাইজক কোৱা যায় তেতিয়া ৰাইজ দাং খাই উঠে—

    'সোঁৱৰাই দিলেই লাগে জগৰ
    দাং খাই উঠে দেখোঁ বিহুৱা নগৰ |'

    প্ৰকৃতিয়ে সৃষ্টিৰ মাটিডৰাত দুবিধ বৃত্তি সিচিছে |অসমীয়াই নিজৰ অস্বিত্ব ৰক্ষাৰ নিমিত্তে আকোৰগোজ,পৰচৰ্চা এই কুবৃত্তিবোৰ এৰি যিবোৰে জাতিটোৰ সামূহিক ক্ষতিতহে অৰিহণা যোগায় সেইবোৰ একাষৰীয়া কৰি নিজ কৰ্মত মহীয়ান হৈ একাণপতীয়াকৈ লাগিব লাগে,নিজক বুজি উঠিবলৈকে যত্ন কৰিব লাগে|এই ব'হাগত তেনে চানেকিয়েই ৰৈ বৈ যাওঁক |ছন পৰি ৰোৱা মনটো চহাই লৈ, ৰিব্ ৰিব্ মলয়া বতাহৰ কোবত,কিণ্ কিনীয়া বৰষুণত মনটো ধুই ,নতুন সুৰুযৰ কিৰণ গালে মুখে সানি গীতিকাৰৰ কন্ঠৰ লহৰে লহৰে ক'বলৈ মন যোৱা নাই নে বিহুৱা আবেশে বলীয়া কৰা ৰাইজ!

    ' নতুন পুৰুষে কিছু কাম কৰাৰ ব'হাগেই বতৰ কিজানি ,
    বোলোঁ হয় হয় হয় হয়— হয় নে? '
    ………………………….