ডিজিটেল ডেস্কঃ ডিব্ৰুগড় জিলা প্ৰশাসনে চলালে উচ্ছেদ অভিযান। কছাৰীঘাটৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ সমীপৰ মালিপট্টিলৈ উচ্ছেদ অভিযান চলাই কমেও ৪০টা অবৈধ ঘৰ ভাঙি পেলায় জিলা প্ৰশাসনে।
এই লোকসকলে ব্ৰহ্মপুত্ৰ নদীৰ সমীপৱৰ্তী অঞ্চলটো অবৈধভাৱে মাটি দখল কৰি তাত ভূমিৰ অধিকাৰৰ কোনো নথি-পত্ৰ নোহোৱাকৈ বাস কৰিছিল বুলি অভিযোগ উঠিছে।
ডিব্ৰুগড়ৰ এএছপি(এইচকিউ) নিৰ্মল ঘোষে কয়, ‘এই অঞ্চলত অবৈধ কাৰ্যকলাপৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগৰ ভিত্তিত আমি উচ্ছেদ অভিযান চলাই ব্ৰহ্মপুত্ৰ নদীৰ সমীপত বেদখল কৰা মাটিত নিৰ্মিত কমেও ৪০টা ঘৰ ভাঙি পেলালোঁ। আমাৰ উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু অনাগত দিনত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰা সকলোকে উচ্ছেদ কৰিম।”
এই লোকসকলে অবৈধভাৱে নদীৰ পাৰৰ অঞ্চলটো দখল কৰি বসতি স্থাপন কৰি বিগত কেইবাবছৰ ধৰি কোনো ভয় নোহোৱাকৈয়ে জীৱন নিৰ্বাহ কৰি আছে।
স্থানীয় এগৰাকী বাসিন্দাই কয় যে ‘ইয়াত অবৈধ কাৰ্যকলাপ সংঘটিত হৈ আহিছে যদিও বিষয়টোক লৈ কোনেও অভিযোগ নকৰে। ইয়াৰ পূৰ্বে ডিব্ৰুগড় প্ৰশাসনে খহনীয়াৰ বাবে সেই স্থানৰ পৰা উচ্ছেদ কৰিছিল যদিও তাত পুনৰ বেদখলকাৰীয়ে বসতি স্থাপন কৰিছিল। উচ্ছেদ অভিযান অব্যাহত ৰাখিব লাগে আৰু তেওঁলোকক এই ঠাইৰ পৰা স্থায়ীভাৱে উচ্ছেদ কৰি দিব লাগে।”
Leave A Comment