ডিজিটেল ডেস্ক : মুকলি আকাশৰ তললৈ আহিল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সোমবাৰে অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰি আজি মুকলি আকাশৰ তললৈ আহিল শংকৰজ্যোতি। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল জামিন।
উল্লেখযোগ্য যে ১৯ মে'ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক। দুলীয়াজানৰ বি এন সিং পেট্ৰল পাম্পত সংঘটিত এটা মাৰপিটৰ ঘটনাৰ গোচৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক। অৱশেষত আদালতৰ কাম-কাজ সম্পন্ন হোৱাৰ পিছত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হয় শংকৰজ্যোতি বৰুৱা।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment