ডিজিটেল ডেস্কঃ ফ্ৰেব্ৰুৱাৰী ২৫ তাৰিখৰ পৰা আৰম্ভ হ’ব অসম চৰকাৰৰ অভিলাসী কাৰ্যসূচী এডভাণ্টেজ আছাম ২.০। এই সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰ। এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে অসমলৈ আহিছে ৪৫ খন দেশৰ প্ৰতিনিধিও। আজি পুৱাৰ ভাগতে এই প্ৰতিনিধিসকলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে বিদেশ মন্ত্ৰীগৰাকীয়ে।
কাজিৰঙা ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী তথা বিদেশী প্ৰতিনিধিৰ দলটোক সংগ দিয়ে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই। পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰদ্যুম্ন নামৰ বিভাগীয় হাতীটোৰ পিঠিত উঠি কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিলে বিদেশ মন্ত্ৰীগৰাকীয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ অৰুণ ভিগ্নেশেও সংগ দিয়ে বিদেশ মন্ত্ৰীগৰাকীক।
উল্লেখ্যে যে প্ৰথমবাৰৰ বাবে হাতী চাফাৰী কৰি আনন্দ প্ৰকাশ কৰি এইয়া এক বিশেষ অভিজ্ঞতা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।হাতী চাফাৰীৰ পিছতে পুনৰ জীপ চাফাৰীৰে কাজিৰঙা দৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে। জীপ চাফাৰীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ কাঠপাৰা দৰ্শন চূড়াৰ পৰা বাইনাকূলাৰেৰে বন্যপ্ৰাণী দৰ্শন কৰি অভিভূত হৈ পৰিল মন্ত্ৰীগৰাকী। ইপিনে বৈদেশিক মন্ত্ৰীগৰাকীৰ লগতে ৪৫ খনকৈ দেশৰ ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিয়ে কাজিৰঙা দৰ্শন কৰি অভিভূত হৈ পৰে। চাফাৰীৰ অন্তত বিভাগীয় হাতীক কল-কুহিয়াৰ খুৱালে মন্ত্ৰীগৰাকীয়ে। শেষত সকলোৰে সৈতে ফটো উঠি স্মৃতি যুগমীয়া কৰিলে মন্ত্ৰীগৰাকীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি বিদেশ মন্ত্ৰীৰ সৈতে বিদেশী প্ৰতিনিধিৰ দলটোত বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ, মালয়েছিয়া, ইটালী, কাজাখাস্তান, কেনিয়া, কেমেৰুণ, ৰিপাব্লিক অব কংগো, কোষ্টাৰিকা, চাদ, ঘানা, ইৰাক, নামিবিয়া, নৰ্থ মেছিদনীয়া, পানামা, পপুৱা নিউগিনি, ৰাৱাণ্ডা, পোলেণ্ড, ছুইডেন, টিমৰ লেষ্টি, জামাইকা, ফিনলেণ্ড, জৰ্জিয়া, কিৰগিস্তান, ছাৰ্বিয়া, ছিছিলি, ছলোমন আইলেণ্ড, চাইপ্ৰাছ, এল ছালভেদৰ, এৰিট্ৰিয়া, ৰিপাব্লিক অব গুইনিয়া, গুৱেনা, আইচলেণ্ড, চোমালিয়া, টাঞ্জানিয়া, উগাণ্ডা, ভেনিজুৱেলা, আৰ্মেনিয়া, বটছৱানা, বুলগেৰিয়া, কলম্বিয়া, কিউবা আদি দেশৰ সদস্যই অংশগ্ৰহণ কৰিছিল।
Leave A Comment