ডিজিটেল ডেস্কঃ হাঁহিয়েই হ'ল কাল। ফেচবুকত হাঁহিৰ ইমোজি ৰিয়েক্ট কৰি গোচৰৰ সন্মুখীন হ'ল এজন যুৱক৷
IAS বিষয়া তথা জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ ফেচবুক পোষ্টত হাঁহিৰ ইম’জি ৰিয়েক্ট কৰি গোচৰৰ সন্মুখীন হ'ল এজন যুৱক।
যুৱকজন হ'ল ঢেকীয়াজুলীৰ অমিত চক্ৰবৰ্তী।
২০২৩ চনত কোকৰাঝাৰৰ জিলা আয়ুক্ত হৈ থকা সময়ছোৱাত বৰ্ণালী ডেকাই ফেচবুকত এটা পোষ্ট কৰিছিল।
উক্ত ফেচবুক পোষ্টত নৰেশ বৰুৱা নামৰ এজন লোকে কৰিছিল এটা বিশেষ মন্তব্য।
নৰেশ বৰুৱাই "আজি মেকআপত নাই নেকি মেম? " বুলি কৰা বিশেষ মন্তব্যত ঢেকীয়াজুলীৰ অমিত চক্ৰবৰ্তীয়ে কৰিছিল হাঁহিৰ ইমোজি ৰিয়েক্ট।
এই হাঁহিৰ ইমোজি দিয়াৰ বাবেই সেইসময়ৰ কোকৰাঝাৰ জিলা আয়ুক্ত তথা IAS বিষয়া বৰ্ণালী ডেকাই কোকৰাঝাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।
২০২৩ চনৰ ২৫ এপ্ৰিলত কোকৰাঝাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ থকা গোচৰৰ বাবে আজি কোকৰাঝাৰ চিজিএম আদালতত জামিনৰ আবেদন কৰিব আহিব লগা হ'ল ঢেকীয়াজুলীৰ অমিত চক্ৰৱৰ্তীয়ে।
অৱশ্যে আজি কোকৰাঝাৰ চিজেএম কৰ্টত গোচৰৰ জামিন লাভ কৰে অমিত চক্ৰবৰ্তীয়ে।
সেইসময়ৰ কোকৰাঝাৰৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাই অমিত চক্ৰৱৰ্তী, নৰেশ বৰুৱাৰ লগতে আৰু এজনৰ (মুঠ তিনিজন) বিৰুদ্ধে কোকৰাঝাৰত গোচৰ তৰিছিল।
উল্লেখ্য যে অমিত চক্ৰবৰ্তী প্ৰয়াত কংগ্ৰেছী বিধায়ক হাবুল চক্ৰৱৰ্তীৰ পুত্ৰ।
Leave A Comment