ডিজিটেল ডেস্ক : গুৱাহাটীত প্রথমবাৰলৈ ক্রিকেট টেষ্ট মেচ অনুষ্ঠিত হ'ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'র্ডে (বি চি চি) কালি এই সিদ্ধান্ত লয়। কলকাতাত কালি অনুষ্ঠিত হোৱা বি চি চি আইৰ এপেক্স কাউন্সিলৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। ইয়াৰ ভিতৰত অন্যতম আছিল গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত টেষ্ট মেচৰ আয়োজন। ক্রীড়াৰ সৈতে জড়িত এটা ৱেবছাইটে এই কথা প্রকাশ কৰে।
উল্লেখযোগ্য যে গুৱাহাটীত ইয়াৰ আগতে কেইবাখনো এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে। আনহাতে আই পি এলৰ খেলো বর্ষাপাৰা ষ্টেডিয়ামত নিয়মিয়াকৈ অনুষ্ঠিত হৈ আহিছে। গুৱাহাটীত হ'বলগীয়া প্ৰথমখন টেষ্ট মেচত ঘৰুৱা দল ভাৰতে দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে দক্ষিণ আফ্রিকাই নৱেম্বৰত পূৰ্ণ পৰ্যায়ৰ ভ্ৰমণসূচী সূচী লৈ ভাৰত ভ্ৰমণ কৰিব। দলটোৱে প্ৰথম টেষ্ট খেলিব নতুন দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত। আনহাতে ২২-২৬ নৱেম্বৰত দ্বিতীয় টেষ্ট মেচখন গুৱাহাটীত খেলোৱা হ'ব।
দেশত ৰঙা বলৰ ক্ৰিকেটক অধিক জনপ্রিয় কৰি তোলাৰ লক্ষ্যৰে বি চি চি আয়ে এই সিদ্ধান্ত লোৱা বুলি বি চি চি আইৰ বিষয়ববীয়াসকলে প্রকাশ কৰে। টেষ্ট শৃংখলাৰ পাছত দক্ষিণ আফ্রিকাই ৩০ নৱেম্বৰ, ৩ আৰু ৬ ডিচেম্বৰত ক্ৰমে ৰাঁচী, ৰায়পুৰ আৰু বিশাখাপট্টনমত তিনিখন এদিনীয়া মেচ খেলিব। ইয়াৰ পাছত দক্ষিণ আফ্রিকাই পাঁচখনীয়া টি-২০ শৃংখলাত খেলিব বুলি জনা গৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টখন আৰম্ভ হোৱাৰ লগে লগে টেষ্টৰ মানচিত্ৰত গুৱাহাটীও অন্তর্ভুক্ত হ'ব। বর্ষাপাৰাত প্ৰথমখন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল ২০১৭ চনৰ ১০ অক্টোবৰত। এই মেচখনত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। আনহাতে ২০১৮ চনৰ ২১ অক্টোবৰত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিছিল।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment