• বেয়া কাম কৰি ৰঙাঘৰত সোমাল ৫ সন্তানৰ মাতৃ! পত্নীৰ মুক্তিৰ বাবে হাহাকাৰ কৰিছে স্বামীয়ে

    আঞ্চলিক
    বেয়া কাম কৰি ৰঙাঘৰত সোমাল ৫ সন্তানৰ মাতৃ! পত্নীৰ মুক্তিৰ বাবে হাহাকাৰ কৰিছে স্বামীয়ে
    ডিজিটেল ডেস্কঃ “মোক মানুহজনী লাগিবই। এছপি ছাৰক অনুৰোধ কৰিছো মোৰ মানুহজনী যাতে ঘূৰাই দিয়ে। ঈদৰ আগতেই লাগিব মোৰ মানুহজনীক”- এগৰাকী অসহায় স্বামীৰ মন্তব্য এয়া। আব্দুল ৰহমান নামৰ তেজপুৰ ৰূপকুৰীয়াৰ এই লোকজনে পত্নীক ঘূৰাই বিচাৰি লগাইছে হাহাকাৰ। পেছাত মিস্ত্ৰী এই লোকজনে বাৰম্বাৰ অনুৰোধ কৰিছে শোণিতপুৰৰ আৰক্ষী অধীক্ষকক। পিছে কিয় ইমান কাকূতি-মিনতি কৰিছে আব্দুলে?

    এবাৰ যদি তেওঁ আৰক্ষী থানালৈ গৈছে, আনবাৰ আকৌ গৈছে আদালতলৈ। আনকি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈও বহুবাৰ গৈছে আব্দুল ৰহমান। উপায় নাপায় অৱশেষত তেওঁ সংবাদ মাধ্যমৰ কাষ চাপিছে। পাঁচটা সন্তানৰ পিতৃ আব্দুল ৰহমানে কান্দি কান্দি কয় যে মোৰ মানুহজনী মোক ঘূৰাই লাগে। পাছে আব্দুলৰ পত্নীৰ হ'ল কি? আব্দুলৰ পত্নীৰ নাম আমিনা খাটুন।

    তেজপুৰৰ শালনিবাৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ৰূপকুৰীয়াত অভিযান চলাই উদ্ধাৰ কৰে ১ কেজি ৭৪ গ্ৰাম ওজনৰ গাঁজা। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গাঁজা সৰবৰাহ তথা অবৈধ গাঁজা ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত আটক কৰে আমিনা খাটুনক। লগতে পুনিয়নিৰ পৰা আটক কৰে নুৰ আলম নামৰ আন এজন লোকক। 

    পিছে ৫ সন্তানৰ মাতৃ আমিনাক আৰক্ষীয়ে আটক কৰি অনাৰ পাছতে অৱস্থা কাহিল হৈ পৰিছে স্বামী আব্দুলৰ। কোলাত এমাডিমা সন্তানসহ লগত আন তিনিটা সন্তান লৈ আমিনাৰ স্বামী বিপাঙত পৰিছে। পত্নীৰ মুক্তিৰ বাবে তেওঁ ঢপলিয়াই ফুৰিছে। এবাৰ যদি উকীলৰ পৰামৰ্শ ল’বলৈ গৈছে আদালতলৈ৷ আন এবাৰ গৈছে থানালৈ৷ আনকি আৰক্ষী অধীক্ষকক লগ ধৰাৰ উদ্দেশ্যেৰে উপস্থিত হয় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো।

    কিন্তু আৰক্ষীয়ে কোনো গুৰুত্ব দিয়া নাই আব্দুলক। তেওঁৰ মতে তেওঁৰ পত্নী নিৰপৰাধী। কোনো লোকে ষড়যন্ত্ৰ কৰি মিছাতে ফচাইছে৷ সেয়ে এৰি দিব লাগে তেওঁৰ পত্নীক৷

    আব্দুলৰ পত্নী নিৰপৰাধী হয় নে নহয় সেয়া আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব।