ডিজিটেল ডেস্কঃ শুকুৰবাৰে নিশাৰ ভাগত কেৰালাৰ কোচিৰ সমীপৰ আলুভা আৰক্ষীয়ে এমহীয়া কেঁচুৱা এটা অপহৰণ কৰাৰ অভিযোগত অসমৰ দুজন প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তদন্তৰ অন্তত সদৰী কৰা অনুসৰি এগৰাকী তৃতীয় লিংগৰ ২০ বছৰীয়া ৰিংকি নামৰ তৃতীয় লিংগৰ ব্যক্তিগৰাকীৰ লগতে তেওঁৰ বন্ধু ৰছিদুল হকক(২৯) অসমৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
অভিযোগ অনুসৰি, বিহাৰৰ পৰা অহা আন এগৰাকী প্ৰব্ৰজিত মহিলাৰ কেঁচুৱা অপহৰণ কৰা বুলি অভিযোগ উঠিছে৷ শিশুটিক অপহৰণ কৰাৰ পিছত তেওঁলোকে ৭০,০০০ টকাৰ মুক্তিপণ দাবী কৰে৷ ১৪ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮ বজাত অপহৰণৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ পাছতে দ্ৰুতগতিত তদন্ত আৰম্ভ কৰে।
আৰু আলুভা ইষ্ট থানাত তৃতীয় লিংগৰ ব্যক্তিৰ ফটোৰ পৰা মাতৃগৰাকীয়ে সন্দেহযুক্ত লোকজনক চিনাক্ত কৰাৰ লগে লগে আৰক্ষীয়ে ৰিংকিৰ ভাড়াঘৰত উপস্থিত হয় যদিও ৰিংকিয়ে কেঁচুৱাটো লৈ পলায়ন কৰা বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে সদৰী কৰা অনুসৰি তেওঁলোকে চিচিটিভিৰ ফুটেজ বিশ্লেষণ কৰি ৰে’ল ষ্টেচন, বাছ ষ্টেণ্ড, আৰু কোচি বিমানবন্দৰৰ দৰে গুৰুত্বপূৰ্ণ স্থানসমূহ পৰীক্ষা কৰিছিল আৰু সম্ভাৱ্য আত্মগোপন কৰিব পৰা স্থানত অনুসন্ধান কৰিছিল।
অৱশেষত অঞ্চলটোৰ পৰা ওলাই আহিবলৈ যাওঁতে আটক কৰি গ্ৰেপ্তাৰ কৰে সন্দেহজনক লোককেইজনক। কেঁচুৱাটোক অসমলৈ নিয়াৰ উদ্দেশ্য আছিল বুলি অনুমান কৰা হৈছে।এতিয়া অভিযুক্তক আদালতত হাজিৰ কৰি জিম্মাত প্ৰেৰণ কৰে।
Leave A Comment