• আৰক্ষীৰ অভিযানত বিজনীত ড্ৰাগছসহ চাৰি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

    আঞ্চলিক
    আৰক্ষীৰ অভিযানত বিজনীত ড্ৰাগছসহ চাৰি সৰবৰাহকাৰী গ্ৰেপ্তাৰ
    ডিজিটেল ডেস্ক :চিৰাঙৰ বিজনী চহৰত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ চাৰিটা সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়।

    ধৃত সৰবৰাহকাৰী চাৰিটা ক্ৰমে বঙাইগাঁও জিলাৰ ২ নং নাম্বাৰ পাৰাৰ ছৰিফুল ইছলাম(২৪), আব্দুল মতলেব (১৮), ছহিদুল হক(২৯) আৰু গোৱালপাৰাৰ জাহিদুল ইছলাম (৩২)।

    সৰবৰাহকাৰী চাৰিটাৰ পৰা ড্ৰাগছ ভৰ্তি ৩২ টা প্লাষ্টিক কন্টেনাৰ, পাঁচটা মোবাইল ফোন আৰু Alto k10 চাৰি চকীয়া বাহন এখন জব্দ কৰে আৰক্ষীয়ে। 

    এক গোপন খবৰৰ ভিত্তিত বিজনীৰ TSI বিশাল বনিক্যৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বিজনী চহৰৰ মাজমজিয়াত থকা পুৰণি বাছ আস্থানত অভিযান চলাই হাতে লুটে গ্ৰেপ্তাৰ কৰে চাৰি সৰবৰাহকাৰীক।

    পিছত জব্দকৃত ড্ৰাগছৰ সহ ধৃত চাৰি সৰবৰাহকাৰীক আৰক্ষীয়ে বিজনী থানালৈ লৈ যায়।