ডিজিটেল ডেস্কঃ ৰঙাপৰাত যাত্ৰীবাহী ৰে’লৰ পৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে জব্দ কৰে নিষিদ্ধ গাঞ্জা। ৰঙাপৰা ৰে’লৱে সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে ৫৯ কেজি ওজনৰ গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ২,৯৫০,০০০ হাজাৰ টকা হ'ব বুলি ৰঙাপৰা ৰেলৱে আৰক্ষীয়ে জানিবলৈ দিয়ে।
লামডিং চুখভী-নাহৰলগুন অভিমুখী যাত্ৰীবাহী ৰেলত চাৰি গৰাকী মহিলাই অতি গোপনে আনিছিল গাঞ্জাখিনি। পাছত আৰ পি এফেৰ এটা তহলদাৰী দলে অভিযান চলাই ৰেলখনৰ পৰা গাঞ্জাখিনিৰ সৈতে মহিলা চাৰি গৰাকীক আটক কৰিবলৈ সক্ষম হয়।
ৰেলৱে সুৰক্ষা বাহিনীয়ে আটক কৰা মহিলা চাৰিগৰাকী হ'ল ক্ৰমে ওদালগুৰিৰ মনিকা বৰ্মন, বিমলা বৰ্মন, সুভদ্ৰা বৰ্মন আৰু মালতী চৌহান।
Leave A Comment