ডিজিটেল ডেস্ক : আই পি এলত এটাৰ পাছত আনটো অভিলেখৰ গৰাকী হৈছে বিৰাট কোহলী। বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে এক অভিলেখ প্রতিষ্ঠা কৰে। দিল্লীৰ বিৰুদ্ধে ১৪টা বলত ২২ ৰান কৰে তাৰকা বেটাৰগৰাকীয়ে।
ইয়াৰ মাজত আছে দুটা ছয় আৰু এটা চাৰি। আই পি এলত কোহলীয়ে ১০০০ৰ অধিক ৪ আৰু ৬ কোবাইছে। যিকোনো টি-২০ ক্রিকেটত ১০০০ৰ অধিক চাৰি-ছয় কোবোৱা কোহলীয়েই হৈছে প্ৰথমগৰাকী বেটাৰ। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ তাৰকা বেটাৰগৰাকীৰ আই পি এলত চাৰি আৰু ছয়ৰ সংখ্যা হৈছে ১০০১। ইয়াৰ মাজত আছে ৭২১টা চাৰি আৰু ২৮০টা ছয়।
আই পি এলৰ অষ্টাদশ বছৰত ২৫৬খন মেচত এই কৃতিত্ব অৰ্জন কৰিলে কোহলীয়ে। তালিকাত কোহলীৰ পাছতেই আছে শিখৰ ধাৱান। আই পি এলত ৯২০টা চাৰি আৰু ছয় কোবাইছিল ধাৱানে। তাৰ মাজত আছে ৭৬৮টা চাৰি আৰু ১৫২টা ছয়। এইবাৰ অৱশ্যে কোনো দলে ক্রয় নকৰিলে ধাৱানক। ইয়াৰ ফলত তেওঁৰ চাৰি আৰু ছয়ৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা নাই।
তালিকাৰ তিনি নম্বৰত আছে ডেভিদ ৱার্নাৰ। তেওঁ মুঠতে ৮৯৯টা চাৰি আৰু ছয় কোবোৱাৰো ৰেকৰ্ড আছে। ৱার্নাৰে এইবাৰৰ নিলামত কোনো দল নাপালে। ধাৱানৰ লগতে ৱার্নাৰৰো চাৰি আৰু ছিক্সাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই। কোহলীয়ে তেনেদৰেই অনাগত দিনত আৰু অধিক প্ৰত ছয়-চাৰিৰ সংখ্যা বৃদ্ধি কৰাৰ সুযোগ পাব।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment