• 'ভাইমনদা': দৰ্শকৰ সঁহাৰিৰ মাজতে তেজপুৰত বিভিন্নজনৰ এজাহাৰ

    মনোৰঞ্জন
    'ভাইমনদা': দৰ্শকৰ সঁহাৰিৰ মাজতে তেজপুৰত বিভিন্নজনৰ এজাহাৰ
    ডিজিটেল ডেস্ক : ৰাজ্যৰ বিশিষ্ট শিল্পী, চিত্র অভিনেতা, প্রযোজক পৰিচালক মুনিন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মিত 'ভাইমনদা' কথাছবিখন ২৩ তাৰিখে ৰাজ্যৰ বিভিন্ন চিত্রগৃহত মুক্তি লাভ কৰাৰ পাছত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। 

    কথাছবিখনে তেজপুৰৰ আটাইকেইটা ছবিঘৰত শুকুৰবাৰ আৰু শনিবাৰৰ শ্ব'সমূহত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু অসমীয়া ছবিখনৰ জনপ্রিয়তাৰ বিপৰীতে একাংশ দুষ্কৃতিকাৰীয়ে ছবিগৃহত প্রৱেশ কৰি কথাছবিখনৰ গুৰুত্বপূর্ণ দৃশ্যাংশ ম'বাইল ফ'নত ৰেকর্ডিং কৰি ফে'চবুক, ইনষ্টাগ্রামকে ধৰি বিভিন্ন ছ'চিয়েল মিডিয়াত মুকলি কৰি দিয়াত কথাছবিখনলৈ প্রত্যাহ্বান আহি পৰাত কালিৰ পৰাই কথাছবিখনৰ প্ৰযোজক, পৰিচালক আৰু শিল্পীৰ এটা দলে অসমৰ তেজপুৰকে ধৰি গুৰুত্বপূৰ্ণ চহৰসমূহত উপস্থিত হৈ আৰক্ষীৰ ওচৰত বিহিত ব্যৱস্থাৰ আহ্বান জনাই এজাহাৰ দাখিল কৰিছে। 

    কথাছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম, কাহিনী, চিত্রনাট্য সংলাপ আৰু পৰিচালক সমন্বিতে এটা শিল্পীৰ দল তেজপুৰত উপস্থিত হৈ তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰি এনে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ আৱেদন জনায়। 

    'ভাইমনদা' কথাছবিখনৰ পৰিচালক, প্রযোজক, পৰিচালক আৰু শিল্পীসকলে ছবিখনৰ প্ৰতি তেজপুৰতো দৰ্শকে আগবঢ়োৱা সঁহাৰিৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে একাংশ দুষ্ট চক্রই 'ভাইমনদা' কথাছবি উপভোগ কৰাৰ সময়ত কেতবোৰ গুৰুত্বপূৰ্ণ দৃশ্য ম'বাইল ফ'নত ৰেকর্ডিং কৰি সামাজিক মাধ্যমত যাতে ভুল প্ৰচাৰ কৰিব নোৱাৰে, সেই ক্ষেত্ৰতো সহায়ৰ আহ্বান জনায়।

    উৎসঃ দৈনিক জনমভূমি