ডিজিটেল ডেস্কঃ এগৰাকী বোৱাৰী আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘিলামৰাত। উচিত ন্যায় বিচাৰি শতাধিক পুৰুষ মহিলাই ঘেৰাও কৰে ঘিলামৰা আৰক্ষী চকী।
ঘিলামৰাৰ ফুকন গাঁৱৰ জীয়ৰী নিৱেদিতা চমুৱাই বিবাহপাশত ৯ বছৰৰ পূৰ্বে আবদ্ধ হৈছিল চিনাই গাঁৱৰ অৰূপ বৰুৱা নামৰ লোক জনৰ লগত।
দীৰ্ঘদিনৰ পৰাই স্বামী অৰূপ বৰুৱাই পত্নীক শাৰীৰিক-মানসিক অত্যাচাৰ চলাই অহা বুলি অভিযোগ উত্থাপন কৰে মহিলগৰাকী পৰিয়ালৰ লোকে।
উল্লেখযোগ্য যে মহিলাগৰাকী অন্তঃসত্বা হৈ থকা সময়তে মহিলগৰাকীয়ে আত্মহত্যা কৰাৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। মহিলা গৰাকীৰ পৰিয়ালৰ অভিযোগ মতে এইয়া আত্মহত্যা নহয় এইয়া পৰিকল্পিত হত্যাকাণ্ড হে।
এতিয়া মহিলাগৰাকীৰ পৰিয়ালৰ লোকে উচিত ন্যায় বিচাৰি দোষীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই ঘিলামৰা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।
Leave A Comment