• পুখুৰীত পৰি কৰুণ মৃত্যু কিশোৰীৰ! অঞ্চলজুৰি শোকৰ ছাঁ

    আঞ্চলিক
    পুখুৰীত পৰি কৰুণ মৃত্যু  কিশোৰীৰ! অঞ্চলজুৰি শোকৰ ছাঁ
    ডিজিটেল ডেস্কঃ  কালাইৰদিয়া গাঁৱত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। পুখুৰীত পৰি কৰুণ মৃত্যু ঘটে এগৰাকী কিশোৰীৰ। 

    মৃত কিশোৰগৰাকী কালাইৰদিয়া গাঁৱৰ সংসেৰ আলীৰ কন্যা ৰাবিয়া খাতুন (১২) বুলি জানিব পৰা গৈছে ।


    ৰাবিয়াই খেলি থকা অৱস্থাত ঘৰৰ ওচৰতে থকা পুখুৰী এটাত পৰি নিৰুদ্দেশ হৈ পৰে।পৰিয়ালৰ লোকে বহু সময় বিচাৰ খোচাৰ কৰি পুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে আৰু তাৰপৰা উদ্ধাৰ কৰি ততাতয়াকৈ আলোপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে । 

    কিন্তু সেই সময়ত চিকিৎসালয়খনত কোনো চিকিৎসক নথকাত কিশোৰীগৰাকীক নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত বুলি হোৱা বুলি ঘোষণা কৰে।

    এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে গভীৰ শোকৰ ছাঁ পেলাইছে।