comScore
  • POCSO আইন উলংঘা জি এম চি এইচ কৰ্তৃপক্ষৰ; ৰাজহুৱা কৰিলে যৌন নিৰ্যাতনত ভুক্তভোগীৰ নাম পৰিচয়

    আঞ্চলিক
    POCSO আইন উলংঘা জি এম চি এইচ কৰ্তৃপক্ষৰ; ৰাজহুৱা কৰিলে যৌন নিৰ্যাতনত ভুক্তভোগীৰ নাম পৰিচয়
    ডিজিটেল ডেস্কঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা এক লোমহৰ্ষক ঘটনা।চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্মচাৰীৰ বিৰুদ্ধে এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ স্পষ্টীকৰণ দিবলৈ গৈ  POCSO আইন উলংঘা কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ৷

    ঘটনাক্ৰম অনুসৰি চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী ১৩ বছৰীয়া কিশোৰীক বৃক্ক ৰোগৰ চিকিৎসাৰ বাবে ১৩ জানুৱাৰী তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯ জানুৱাৰীত প্ৰায় নিশা ১২ মান বজাত কিশোৰীগৰাকীৰ মাতৃয়ে ঔষধ কিনিবলৈ যোৱাৰ সময়ত তাত নিয়োজিত এগৰাকী মহিলা চাফাই কৰ্মীয়ে কিশোৰীগৰাকীক বাথৰুমলৈ লৈ গৈছিল।বাথৰুম ইতিমধ্যেই আব্দুল ৰছিদ নামৰ আন এজন চাফাই কৰ্মী সোমাই আছিল। মহিলা গৰাকীয়ে কিশোৰীগৰাকীক বাথৰুমত ভৰাই বাহিৰৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়ে আৰু চাফাই কৰ্মী আব্দুলৰ কামনাৰ বলি হয় কিশোৰীগৰাকী।

    ইতিমধ্যে কিশোৰীগৰাকীৰ মাতৃয়ে ঘটনাৰ সৈতে জড়িত আব্দুল ৰছিদ আৰু কৰবী ৰয় নামৰ মহিলা চাফাই কৰ্মীগৰাকীৰ বিৰুদ্ধে ভঙাগড় থানাত গোচৰ ৰুজু কৰিছে। এতিয়া দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এই ঘটনাৰ গাপ দিবলৈ চেষ্টা কৰিছিল জি এম চি এইচ কৰ্তৃপক্ষই। আৰু স্পষ্টিকৰণ দিয়াৰ নামত ভুক্তভোগীৰ নাম ফটো ৰাজহুৱা কৰে। 

    উল্লেখ্য যে POCSO আইন অনুসৰি, যৌন নিৰ্যাতনৰ ভুক্তভোগীৰ নাম, পৰিচয়, ঠিকনা আদি কোনেও প্ৰচাৰ কৰিব নোৱাৰে। কিন্তু জি এম চি এইচ কৰ্তৃপক্ষই এই আইন উলংঘা কৰি বিবেকহীন তথা দায়িত্বহীনতাৰ পৰিচয় দিলে। এতিয়া যৌন নিৰ্যাতনত ভুক্তভোগীৰ নাম পৰিচয় ৰাজহুৱা কৰাৰ বাবে আৰক্ষী-প্ৰশাসনে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ ওপৰত কি ব্যৱস্থা লয় সেয়া লক্ষনীয় হ’ব।
    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam