ডিজিটেল ডেস্কঃ গৰৈমাৰীত এগৰাকী চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ কণমানি মেধাৱী ছাত্ৰৰ কৰুণ বিননি৷ হাতযোৰ কৰি মুখ্যমন্ত্ৰীৰ ওচৰত বিচাৰিছে জীৱন ভিক্ষা৷ গাঁৱৰ ৰাইজেও ছাত্ৰজনৰ বাবে ৰাজপথত আৰ্থিক সাহায্য বিচাৰি ওলাই আহিছে।
১২ বছৰ বয়সৰ এগৰাকী পখিলা খেদা ফুলকমলীয়া কিশোৰক জীয়াই ৰাখিবলৈ চেষ্টা চলাইছে ৰাইজে৷ চতুৰ্থ শ্ৰেণী উত্তীৰ্ণ কিশোৰটিৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলোৰে যেন লক্ষ্য হৈ পৰিছে৷ কণমানি কিশোৰজনক জীয়াই ৰাখিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে অঞ্চলবাসীয়ে৷
দক্ষিণ কামৰূপৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত তথা গৰৈমাৰী আৰক্ষী থানাৰ এলেকাধীন হাতীপাৰাত এগৰাকী কিশোৰৰ দৃশ্যই আপোনাকো কন্দুৱাব৷ বিগত প্ৰায় ডেৰ বছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ পৰিছে ছাত্ৰজন৷ অতি কম বয়সতে মৃত্যুৰে যুঁজ দিব লগা হৈছে মৰমলগা কিশোৰজনে৷
চিকিৎসাৰ নামত ঘৰ ভেটিৰ বাহিৰে ইতিমধ্যে সকলো শেষ কৰিছে পৰিয়ালটোৱে৷ অৱশেষত শিশুটিৰ কাৰণে আৰ্থিক সহায় বিচাৰি ৰাজপথত নামিছে অঞ্চলবাসী। চৰকাৰী আঁচনিৰ পৰা বহু নিলগত পৰিয়ালটো৷ অৱশেষত শয্যাগত হৈ কিশোৰটিক সুস্থ কৰি তুলিবলৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে৷
আপোনাৰ অলপ সহায়ে ১২ বছৰীয়া কিশোৰটিৰ মুখলৈ পুনৰ হাঁহি ঘুৰাই আনিব পাৰে। সেয়ে ইচ্ছুক ব্যক্তিয়ে পৰিয়ালটোৰ বেংক একাউণ্টলৈ আৰ্থিক অনুদান আগবঢ়াব পাৰে। শিশুটিৰ পৰিয়ালৰ নামত থকা 7086878399 নম্বৰৰ ফোনপে যোগে আৰ্থিক সহায়ৰ লগতে যোগাযোগ কৰিব পাৰিব।
Leave A Comment