ডিজিটেল ডেস্কঃ গুৱাহাটী ভঙাগড়ত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
হিমাংশু ৰাজবংশী নামৰ এগৰাকী চিকিৎসকক কেঁচিৰে আক্ৰমণ এজন যুৱকৰ।
ভঙাগড়ৰ কলৰ বজাৰত সংঘটিত হৈছে এই ঘটনা।
কল কাটিবলৈ ব্যৱহাৰ কৰা কেঁচিৰে হানিছিল চিকিৎসকগৰাকীক।
GMCHত কৰ্মৰত চিকিৎসক ৰাজবংশী।
বৰ্তমান ৰাজবংশীক ভৰ্তি কৰা হৈছে GMCHৰ জৰুৰীকালীন বিভাগত।
ইতিমধ্যে যুৱকজনক আটক কৰিছে ভঙাগড় আৰক্ষীয়ে।
কল কিনিবলৈ গৈ দামক লৈ তৰ্কত লিপ্ত হৈছিল চিকিৎসকগৰাকী।
কলবেপাৰীগৰাকীৰ ভাষ্য অনুসৰি তৰ্কত লিপ্ত হওঁতে চিকিৎসকগৰাকীয়ে প্ৰথমে তেওঁৰ ডিঙিত ধৰিছিল। ডিঙিত ধৰাৰ বাবে হাতত লৈ থকা কেঁচিখনেৰে চিকিৎসকগৰাকীক পিঠিত আঘাত কৰে কলবেপাৰীগৰাকীয়ে।
আঘাতপ্ৰাপ্ত হোৱা চিকিৎসকগৰাকীক নিশাই চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱা হয়।
ধৃত ইমদাদুল হকক আদালতলৈ প্ৰেৰণ ভঙাগড় আৰক্ষীৰ৷
BNS 118(2) /109(1)ৰ অধীনত ইমদাদুলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷
Leave A Comment