ডিজিটেল ডেস্কঃ নিশা ৰাজপথত জন্তুৰ কলিজাক কেন্দ্ৰ কৰি মহানগৰীৰ পাথৰকোঁৱেৰীত চাঞ্চল্য৷ পাথৰকোঁৱেৰী তিনিআলিৰ ৰাজপথত পৰি থকা জন্তুৰ কলিজাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হয় চাঞ্চল্যৰ৷
স্থানীয় ৰাইজৰ অভিযোগ নিশা পাথৰকোঁৱেৰী তিনিআলিৰ এখন দোকানৰ সন্মুখত বাইকত অহা দুজন লোকে ৰাজপথত পেলাই থৈ যায় সন্দেহজনক জন্তুৰ কলিজা৷
ঘটনা সন্দৰ্ভত স্থানীয় লোকে খবৰ দিয়ে নুনমাটি আৰক্ষীক৷ নুনমাটি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে ৰাজপথত পেলাই থৈ যোৱা সন্দেহজনক জন্তুৰ কলিজাটো৷
সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷
কোনে আৰু কি উদ্দেশ্যেৰে জন্তুৰ কলিজা এনেদৰে ৰাজপথত পেলাই থৈ গ’ল সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত৷
কলিজাটো গৰুৰ হ'ব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় জনতাই।
নুনমাটি আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ পকৃত ৰহস্য৷
Leave A Comment