ডিজিটেল ডেস্কঃ উমৰা হজ কৰিবলৈ গৈ ভয়ংকৰ বিপদত পৰিল অসমৰ দুজন বিশেষভাৱে সক্ষম ব্যক্তি।
ইয়াৰে এজন দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বালাডোবা গাঁৱৰ আবুল হুছেইন।
আনহাতে আন এজন দৰং জিলাৰ বুলি জানিব পৰা গৈছে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ জৰিয়তে ব্যক্তি দুজন বিপদত পৰাৰ কথা জানিব পৰা গৈছে।
এটা দালাল চক্ৰই শাৰিৰীকভাৱে অক্ষম ব্যক্তি দুজনক ছৌদি আৰৱত ভিক্ষা বৃত্তিত নমাই দিছে বুলি লোক দুজনে উল্লেখ কৰে।
ছৌদি আৰৱত গৈ বিপদত পৰা এই লোক দুজনক উদ্ধাৰ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ।
Leave A Comment