ডিজিটেল ডেস্কঃ হাতীগাঁও আৰক্ষীক আক্ৰমণ কৰা দুই যুৱকক গ্ৰেপ্তাৰ।
দুপৰ নিশা নিচাসক্ত হৈ হাতীগাঁও আৰক্ষীক আক্ৰমণ কৰিছিল উদণ্ড যুৱক দুজনে।
এই দুই যুৱকে হাতীগাঁও থানাৰ সন্মুখতে আৰক্ষীক আক্ৰমণ কৰাৰ উপৰি অশ্লীল গালি-গালাজ পাৰিছিল।
ধৃত দুই যুৱক শ্বাহিদুল ইছলাম আৰু নবিউল হক।
দুয়ো হাতীগাঁৱৰে বাসিন্দা।
ইতিমধ্যে দুই যুৱকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
এনে উদণ্ড যুৱকৰ আচৰণক লৈ চিন্তিত সচেতন মহল।
Leave A Comment