ডিজিটেল ডেস্কঃ বহাগ বিহুলৈ মাজত মাঁথো কেইটামান দিন। বিহুৰ আগে আগে বতৰ বিজ্ঞান বিভাগে দিলে ডাঙৰ খবৰ। বিহুৰ পূৰ্বে ৰাজ্যত বতৰে ল’ব পাৰে ভয়ংকৰ ৰূপ! হ’ব ডবাপিটা বৰষুণৰ লগতে ধুমুহা!
বাপতি সাহোন ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা জাৰি কৰিলে বতৰ বিজ্ঞান বিভাগে। ৰাজ্যৰ ইখনৰ পিছত সিখন জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।
কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), কাৰ্বি আংলং, গোলাঘাট, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ জিলাত ১০ এপ্ৰিলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা জিলাত ১১ এপ্ৰিলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও জিলাত ১২ এপ্ৰিলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ আৰু হাইলাকান্দি জিলাত ১৩ এপ্ৰিলত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰা জিলাসমূহত ডবাপিটা বৰষুণৰ লগতে আহিব ধুমুহা।
উল্লেখ্য যে কেৱল অসমতে নহয় উত্তৰ-পূবৰ আন ৰাজ্যতো বতৰে একে ৰূপ ধাৰণ কৰা সম্ভাৱনা। ১০-১৩ এপ্ৰিলৰ ভিতৰত উত্তৰ-পূব ভাৰতত শিলাবৃষ্টিৰ সম্ভাৱনা।
Leave A Comment