ডিজিটেল ডেস্কঃ দ্বিতীয়বাৰৰ বাবে প্ৰাগ-দৈনিক জনমভূমিৰ উদ্যোগত ‘বৰেণ্য অসমীয়া বঁটা’ প্ৰদান অনুষ্ঠান। এইবাৰ এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী, এজন বৰেণ্য অসমীয়া ডo হীৰেন গোহাঁইলৈ।
এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল প্ৰাগ নিউজৰ CMD ড° সঞ্জীৱ নাৰায়ণ, গ্ৰুপ প্ৰেচিডেণ্ট ডাঃ অক্ষতা নাৰায়ণ, প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, মহাপ্ৰৱন্ধক চন্দ্ৰ শেখৰ শৰ্মা, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্ৰাগ ডিজিটেলৰ সম্পাদক জিতুমণি বৰা, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, সহযোগী সম্পাদক খনিন্দ্ৰ কুমাৰ ডেকাকে প্ৰমুখ্য কৰি প্ৰাগ আৰু দৈনিক জনমভূমিৰ কৰ্মীসকল।
এই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠানটি সুকলমে সম্পন্ন হৈ যায়।
Leave A Comment