• সাহিত্য সভাই পূৰ্বে অসমৰ ঐক্য-সংহতি, জাতীয় স্বাৰ্থৰ হকে যুঁজ দিছিল

    আঞ্চলিক
    সাহিত্য সভাই পূৰ্বে অসমৰ ঐক্য-সংহতি, জাতীয় স্বাৰ্থৰ হকে যুঁজ দিছিল
    — ড° হীৰেন গোহাঁই

    আজিৰ বাতৰি কাকতত অসম সাহিত্যৰ পুৰণি নিয়ম তথা পৰম্পৰা ভংগ কৰি নতুনকৈ সাহিত্য সভা মণ্ডপত অস্থায়ী নামঘৰ পতাৰ বাতৰি ওলাইছে। কথাটো অতি চিন্তনীয় আৰু আপত্তিজনক। আমাৰ পূৰ্বসূৰী সভাৰ কৰ্তাসকল কম ধাৰ্মিক বা বৈষ্ণৱ নাছিল। কিন্তু তেওঁলোকে জাতীয় ঐক্যৰ স্বাৰ্থত এনে ধৰ্মীয় ৰীতি-নীতিৰ পোষকতা কৰা নাছিল। তেন্তে আজি কাৰ উচতনিত আন ধৰ্মৰ মানুহৰ মনত আঘাত দিব পৰা ধৰণৰ কাৰ্য সভাত হ’বলৈ দিয়া হৈছে?
            
    আন এক কাৰণ থকা সম্ভৱ৷ সাহিত্য সভাই পূৰ্বে অসমৰ ঐক্য-সংহতি আৰু জাতীয় স্বাৰ্থৰ হকে যুঁজ দিছিল। তাৰ পৰা আঁতৰাই আনি ক্ৰমে ধৰ্মৰ প্ৰতি অধিক আসক্ত কৰিলে শঠামিতিৰ ৰাজনৈতিক নেতাবিলাকৰ অসম-বিৰোধী চক্ৰান্ত সহজে চলাই যাব পৰা হ’ব। ফলত এদিন অসমখন ভাঙি খণ্ড-বিখণ্ড কৰি কেন্দ্ৰৰ অধীন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত কৰা সম্ভৱ হ’ব। তেতিয়া অসমৰ আৰু অসমীয়া অৱশিষ্ট স্বাধীনতা লোপ পাব। EAST WEST CORRIDORত পৰিণত অসমখন পুৰাপুৰি হিন্দী-হিন্দুৰ দখলত ৰখা মোদী-আদানীৰ প্ৰয়োজন।