ডিজিটেল ডেস্কঃ চৌদিশে ৰঙালীৰ আনন্দত মতলীয়া ঢুলীয়া-নাচনী। নাচনীৰ খোপাত শুৱনি কপৌফুলপাহ মহানগৰত অভাৱ যদিও ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ পৰা অহা কপৌফুলে নাচনীৰ অভাৱ পূৰণ কৰিছে।
বিশেষকৈ ৰাজ্যত অনুষ্ঠিত হোৱা ভিন্ন বিহু প্রতিযোগিতাৰ ক্ষেত্ৰত প্লাষ্টিকৰ কপৌফুল পৰিহাৰ কৰি গছৰ কপৌফুল লগোৱাটো বাধ্যতামূলক।
সেয়ে, মহানগৰত ভিন্ন ঠাইৰ ব্যৱসায়ীয়ে অনা কপৌফুলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে বহাগ বিহুৰ বাবে মহানগৰৰ ভিন্ন ঠাইত অনুষ্ঠিত হোৱা বহাগী মেলাবোৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ কপৌফুলেৰে ভৰি পৰিছে। মেলাবোৰৰ কেইখনমান কপৌফুল বিপণীৰ পৰা জানিব পৰা মতে, এপাহ কপৌফুল ২০০-৫০০ টকা পর্যন্ত বিক্রী হৈছে।
যোৱা এক সপ্তাহৰ ভিতৰত প্ৰায়বোৰ কপৌফুলৰ বিপণীত ভালেসংখ্যক কপৌফুল বিক্রী হৈছে বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে।
আনহাতে, একাংশই বিহুৰ বাবে আগতীয়াকৈ কপৌফুল বুকিং কৰি ৰখা বুলিও ব্যৱসায়ীসকলে জনাইছে।
উৎস- দৈনিক জনমভূমি
Leave A Comment