ডিজিটেল ডেস্কঃ অসমত মৃত্যু বৰণ কৰা বাবুল মিয়াৰ মৃতদেহ বাংলাদেশক উভতাই দিলে ভাৰত চৰকাৰে। জানিব পৰা মতে, মৃত ব্যক্তিগৰাকীৰ ঘৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ পার্বতীপুৰ উপজিলাৰ ৰুস্তম নগৰত। ৰুস্তম নগৰৰ মৃত জাহাঙ্গীৰ আলমৰ পুত্র বাবুল মিয়া। প্ৰায় আঢ়ৈ মাহ পূৰ্বে অসমলৈ আহি ধুবুৰী জিলাৰ অসম বংগ সীমান্তৰ ছাগলীয়াৰ খলিচামাৰিত আছিল। ছাগলীয়া আৰক্ষী নিৰীক্ষন চকীৰ অন্তৰ্গত খলিচামাৰিৰ আব্দুল লতিফ আলীৰ ঘৰত ভাৰা আছিল বাবুল মিয়া।
২৬ তাৰিখে হঠাৎ ৰাতিপুৱা কোঠালীৰ পৰা একো সাৰ শব্দ নকৰাত ঘৰৰ মালিকে দুৱাৰ ভাঙি কোঠালিত প্ৰৱেশ কৰি মৃতদেহ প্ৰত্যক্ষ কৰে। আৰু ছাগলীয়া আৰক্ষীক খবৰ দিয়ে। ছাগলীয়া আৰক্ষীয়ে আগমনী ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰীলৈ নিয়ে আৰু যোৱা কালি সন্ধিয়া গোলকগঞ্জ আৰক্ষী, BSF ৰ উপস্থিতিত মৃতদেহটো সোনাহাট আন্তৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ সীমান্ততৰ গেটেৰে গৈ বাংলাদেশৰ ভুৰুংগামাৰীৰ থানাৰ অ'চি ৰুহুল আমিনৰ লগতে BGB ৰ উচ্ছপৰ্যায়ৰ বিষয়াৰ উপস্থিতিত বাংলাদেশৰ পৰিয়ালক মানুহক গতাই দিয়া হয় ।
Leave A Comment