• IPLৰ নামত জুৱা! ধুবুৰী আৰক্ষীয়ে আটক কৰিলে জুৱাৰী আব্দুল কালামক

    আঞ্চলিক
    IPLৰ নামত জুৱা! ধুবুৰী আৰক্ষীয়ে আটক কৰিলে জুৱাৰী আব্দুল কালামক
    ডিজিটেল ডেস্কঃ দেশত এতিয়া আইপিএলৰ জ্বৰ। ইয়াৰ মাজতে আইপিএলৰ নামত চলি আছে জুৱা।

    ইয়াৰ মাজতে সোমবাৰে নিশা ধুবুৰী আৰক্ষীয়ে IPL জুৱাৰীৰ বিৰুদ্ধে অভিযান চলায়।

    এই অভিযানত ধুবুৰীৰ নিউঘাট এলেকাৰ আব্দুল কালাম নামৰ এজন যুৱকক আটক কৰে আৰক্ষীয়ে।

    ধুবুৰী আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ পম খেদি নিউঘাট অঞ্চলত অভিযান চলায়। 

    আব্দুল কালাম নামৰ যুৱকজনৰ ঘৰৰ পৰা নগদ ১ লাখ ৬৭ হেজাৰ ৪০০ টকা জব্দ কৰাৰ লগতে এটা লেপটপ আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়।

    আটকাধীন আব্দুল কালামক ধুবুৰী সদৰ থানা লৈ নি অধিক তথ্য উদ্ধাৰৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।