• সামান্য কথাতে ইটাৰে মৰিয়াই পতি-পত্নীৰ মূৰ ফালিলে ভিনিহিয়েকে

    আঞ্চলিক
    সামান্য কথাতে ইটাৰে মৰিয়াই পতি-পত্নীৰ মূৰ ফালিলে ভিনিহিয়েকে
    ডিজিটেল ডেস্কঃ জাগীৰোডৰ শৰতপুৰত এক মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দেওবাৰে সংঘটিত হয় এই ঘটনা। সামান্য কথাতে ইটাৰে মৰিয়াই এহাল পতি-পত্নীক আহত কৰিলে আত্মীয়ই। 

    ইটাৰে মৰিয়াই মৰিয়াই ফালিলে মূৰ। দুয়োৰে মূৰত পৰিল ১৫টাকৈ চিলাই। এই অভিযোগ ভুক্তভোগী পতি-পত্নীৰ। 

    ঘৰুৱা এক কন্দলৰ বাবেই এনেধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হবলৈ পালে দুটা পৰিয়ালৰ মাজত। ঘৰুৱা কণ্ডল মীমাংসা কৰাৰ বাবে ভুক্তভোগী বিশ্বজিৎ ধৰ আৰু তুলুমণি পাল ধৰক ভিনিহিয়েক কমল ডেকাৰ ঘৰলৈ মাতে। কিন্তু কণ্ডল মীমাংসা কৰাৰ পৰা বিৰত থাকি পতি-পত্নীক ইটাৰে প্ৰহাৰ কৰে ভিনিহিয়েক কমল ডেকায়ে। 

    ইটাৰে প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় পতি-পত্নী। উক্ত ঘটনা সন্দৰ্ভত জাগীৰোড আৰক্ষী থানাত গোচৰ দিবলৈ যোৱাত  আৰক্ষীয়ে মেডিকেল কৰাই দায়িত্ব সামৰে আৰু আৰক্ষীয়ে গোচৰ ল’বলৈ অস্বীকাৰ কৰাৰ অভিযোগ আনিছে ভুক্তভোগী পৰিয়ালটোৱে । সেয়ে দোষীৰ উপযুক্ত শাস্তি বিচৰাৰ লগতে ন্যায় বিচাৰিছে পৰিয়ালটোৱে। 

    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor