• সৰুসজাই যেন ৰঙা-বগা-সেউজীয়া ৰঙেৰে আঁকা এখন বিশাল কেনভাছ

    আঞ্চলিক
    সৰুসজাই যেন ৰঙা-বগা-সেউজীয়া ৰঙেৰে আঁকা এখন বিশাল কেনভাছ
    ডিজিটেল ডেস্কঃ ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। দীৰ্ঘদিন ধৰি চলা অনুশীলনৰ পাছত আজি অৰ্থাৎ ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব ঝুমইৰ বিনন্দীয়া শীৰ্ষক অনুষ্ঠান। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে দেশ-বিদেশৰ বহু প্ৰতিনিধি ৰাজ্যত উপস্থিত হৈছে।

    বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে/মাঘত সোণৰ হাতেৰে লখিমী আদৰে...। ড° ভূপেন হাজৰিকাৰ এই কালজয়ী গীতৰ তালে তালে বাজি উঠা মাদল আৰু আনন্দত ঝুমুৰৰ ছন্দত ছন্দময়ী হৈ উঠা চাহ শ্রমিকৰ আঠ সহস্রাধিক ডেকা-গাভৰুৰ ভৰিৰ যাদুত কঁপি উঠিল সৰুসজাই ষ্টেডিয়াম। 'লালপাৰী'ৰ চাদৰ পিন্ধি হাতে হাতে ধৰি ঝুমুৰ শিল্পীসকলে যেতিয়া মন-প্রাণ ঢালি ঝুমুৰৰ চূড়ান্ত আখৰা কৰিছিল, তেতিয়া আক্ষৰিক অৰ্থত সৰুসজাই পৰিণত হৈছিল এক বিশাল কেনভাছত। যেন সৰুসজাইৰ সেউজীয়া ঘাঁহৰ দলিচাত কোনোবাই সুশৃংখলিতভাৱে ছটিয়াই দিছে ৰঙা-বগা ৰং। 

    সৰুসজাইৰ ভিতৰে-বাহিৰে আজি আটকধুনীয়া পৰিৱেশ ৷ পদুলিমুখৰ পৰাই বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনেৰে আদৰিব মোদীক ৷সাজু প্ৰশাসনো,সাধাৰণ ৰাইজৰ বাবে সুকীয়া ৰোড মেপ ৷ ষ্টেডিয়ামৰ ভিতৰত শিল্পীসকল সাজু ঝুমইৰ প্ৰদৰ্শনৰ বাবে ৷সন্ধ্যা বিশেষ লেজাৰ শ্ব',পৰিৱেশন কৰিব ৰাষ্ট্ৰীয় সংগীত,জাতীয় সংগীত ৷

    সন্ধ্যা অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু লগতে ৬০দেশৰ ৰাষ্ট্ৰদূতে উপভোগ কৰিব ঝুমইৰ ৷ উপস্থিত থাকিব এডভান্টেজ অসমলৈ অহা বিদেশী অতিথিও ৷ ইফালে এই বিশাল ঝুমইৰ শব্দ সংমিশ্ৰণত বলিউডত প্ৰতিষ্ঠিত দুই অসমীয়া ৷

    দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে কৰিছে শব্দ ব্যৱস্থাপনা ৷আনহাতে খেলপথাৰৰ চাৰিওদিশে প্ৰধানমন্ত্ৰী ঘূৰিবলৈ সাজু কৰা হৈছে বিশেষ বাহন ৷ য'ত ২০০বছৰীয়া চাহ শিল্পৰে প্ৰতীকি ৰূপত সজোৱা হৈছে বাহন দুখন ৷ মুঠৰ ওপৰত আজি এটা বৰ্ণিল পৰিৱেশৰ বাবে সাজু সৰুসজাই ৷

    উল্লেখ্য যে,ঝুমইৰ বিনন্দীয়া অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব। ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী। মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ’ব এই অনুষ্ঠান । আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে দৰ্শকসকলে ৩ বজাৰ আগতে সৰুসজাই ষ্টেডিয়ামত হাজিৰ হ’ব লাগিব।

    অসমলৈ ৬১খন দেশৰ ৰাষ্ট্ৰদূত ৷আহিব বিশিষ্ট উদ্যোগপতি সজ্জন জিন্দাল, সাবিত্রী জিন্দাল,আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানি,টাটা গ্রুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণ ৷কাইলৈ আহিব মুকেশ আম্বানি ৷উপস্থিত ONGCৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অৰুণ কুমাৰ সিং ৷বিয়লি পাবহি ব্রিটিছ ডেপুটী হাই কমিছনাৰ এনডু ফ্লেমিং ৷সন্ধিয়া পাবহি টাইপেৰ উচ্চায়ুক্ত বউচুৱান গে ৷অনুষ্ঠানটি উপভোগ কৰিব ফিলিপিনছৰ ৰাষ্ট্ৰদূত ফ্রান্সিছকো ইগনাছিঅ', ব্রাজিলৰ উচ্চায়ুক্ত কেনেথ, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূত লি চেং হো,ৰিজার্ভ বেংকৰ ডেপুটী গবৰ্ণৰ ৰবি শংকৰ,এচাৰ গ্ৰুপৰ অধ্যক্ষ প্রশান্ত ৰুইয়া,চার্টাড বিমানেৰে আহিব গ্রীণকোৰ পৰিচালন সঞ্চালক ছালামালাছেত্রীয়েও ৷

    sv388sv388INDOJAWA88mix parlay sbobetcasino onlinesabung ayam onlinesv388sv388slot gacorjudi baccarat onlineagen mix parlaysv388sabung ayam onlinelive casino onlinesv388agen live casinosv388sabung ayam onlinecasino onlinecasino onlinesabung ayamsitus judi baccaratsabung ayam onlineagen live casino onlineagen sabung ayam onlineINDOJAWA88slot gacor 777slot zeussv388agen roulette onlinesv388judi baccarat onlineslot thailandsv388live casino onlinesv388live casino onlinemix parlay sbobet casino online