• এদিন হ’লেও জোনমণি ৰাভাই ন্যায় পাবনে? স্বয়ং মাতৃয়ে উঠাই ল’লে গোচৰ

    আঞ্চলিক
    এদিন হ’লেও জোনমণি ৰাভাই ন্যায় পাবনে? স্বয়ং মাতৃয়ে উঠাই ল’লে গোচৰ
    ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ ১৬ মে'ত মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। জোনমণিৰ মৃত্যু হত্যাকাণ্ড, আত্মহত্যা নে দুৰ্ঘটনা আছিল? এই বিশেষ প্ৰশ্নটোৱে খেদি ফুৰিছিল অসমৰ জনতাক। প্ৰথমে অসম আৰক্ষীৰ চি আই ডি আৰু চি আই ডিৰ পৰা এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত নামিছিল চি বি আই।

    অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া আছিল জোনমণি ৰাভা। যাক 'লেডী সিংঘম' হিচাপে সকলোৱে জানিছিল। এক ৰহস্যজনক  দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল জোনমণিয়ে।

    জোনমণিৰ মৃত্যুক অসমৰ ৰাইজে সহজভাৱে ল'ব পৰা নাছিল। যাৰবাবে ছ'চিয়েল মিডিয়াত জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ কৰিবলৈ প্ৰবল জনমত গঠন হৈছিল। সেই জনমতৰ জোৰ দেখি অসম চৰকাৰেও ঘটনাটোৰ দায়িত্ব চিবিআইক অৰ্পন কৰিবলৈ বাধ্য হৈছিল। 

    চিআইডিৰ পৰা চিবিআইয়ে চমজি লৈছিল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। চিবিআইয়ে গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া হাতত লোৱাৰ পিছৰে পৰা সকলো একপ্ৰকাৰ নিশ্চিত হৈছিল যে, জোনমণি কাণ্ডৰ সঁচা কাহিনী পোহৰলৈ আহিব।

    ২০২৪ বৰ্ষৰ ৭ ফেব্ৰুৱাৰী, বুধবাৰে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল হ'ল। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰে। চিবিআইয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাত পতিত হৈয়ে মৃত্যু হৈছিল জোনমণি ৰাভাৰ। এয়া কোনো অস্বাভাৱিক বা ৰহস্যজনক মৃত্যুৰ ঘটনা নহয়।

    পথ দুৰ্ঘটনাতে জোনমণিৰ মৃত্যু হৈছিল বুলি চিবিআইয়ে দিয়া চূড়ান্ত প্ৰতিবেদনত আশাহত হয় অসমবাসী। চিবিআইও বিক্ৰী গ'ল বুলি অসমৰ জনসাধাৰণৰ একাংশই উজাৰিলে তীব্ৰ ক্ষোভ। এগৰাকী দক্ষ সাহসী আৰক্ষী বিষয়াৰ সেই মৃত্যু কিমান স্বাভাৱিক আছিল সেয়া আজিও ৰহস্য হৈ থাকিল।

    উল্লেখ্য যে অসম আৰক্ষীৰ এগৰাকী SIৰ হোৱাৰ পাছতো জোনমণি ৰাভাৰ মৃত্যুত তেওঁৰ ঘৰত উপস্থিত নহ'ল এজনো আৰক্ষী বিষয়া। মন্ত্ৰী-আমোলাৰে গিজগিজাই থকা গুৱাহাটীত জোনমণি ৰাভাৰ ঘৰ হোৱাৰ স্বত্ত্বেও কোনো এগৰাকী মন্ত্ৰী বা শীৰ্ষ পৰ্যায়ৰ আমোলা জোনমণিৰ ঘৰত উপস্থিত নহ'ল।

    মানৱীতাৰ খাতিৰতো কোনেও সমবেদনা নজনালেহি জোনমণিৰ মাতৃ আৰু ভাতৃক। জোনমণিৰ মৃত্যুৰ দুখ বুকুত বান্ধিয়ে কিছুদিন পূৰ্বে ভাতৃৰো মৃত্যু হয়। একেবাৰে নিথৰুৱা হৈ পৰিল মাতৃ সুমিত্ৰা ৰাভা।

    চিবিআইয়ে জোনমণি ঘটনাক লৈ প্ৰতিবেদন দাখিল কৰিলেও এই প্ৰতিবেদক লৈ আশ্বস্ত হ'ব পৰা নাছিল জোনমণিৰ পৰিয়াল আৰু তেওঁৰ শুভাকাংক্ষীসকল। চি বি আইৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে জোনমণি ৰাভাৰ মাতৃয়ে চি বি আইৰ তদন্ত প্ৰক্ৰিয়াত সন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰিছিল।

    প্ৰথমৰে পৰা জোনমণিৰ মাতৃয়ে এয়া দুৰ্ঘটনা নহয় হত্যাহে বুলি দাবী কৰি আহিছিল। জোনমণিৰ মৃত্যুত মাতৃয়ে বাৰে বাৰে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক লীনা দলেৰ নাম লৈছিল। লীনা দলেৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল জোনমণিৰ মাতৃয়ে। এই কাণ্ডত নাম সাঙুৰ খাইছিল লীনা দলে, আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী আদি আৰক্ষী বিষয়াৰ নাম।

    চিবিআইৰ প্ৰতিবেদনত সন্তুষ্ট নহৈ মাতৃয়ে জোনমণিৰ মৃত্যুৰ ন্যায় বিচাৰি দুটাকৈ গোচৰ ৰুজু কৰিছিল। পাছে সকলোকে আচৰিত কৰি আজি ৪ এপ্ৰিল, বৃহস্পতিবাৰে কলিয়াবৰ ন্যায়িক আদালতত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা। 

    জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা ৮৪/২৩ আৰু ৮৭/২৩ নম্বৰৰ দুয়োটা গোচৰ সন্দৰ্ভত ক’ৰ্টত উপস্থিত হয় জোনমণি ৰাভাৰ মাতৃ। 

    ব্যক্তিগত অসুবিধাৰ বাবে সুমিত্ৰা ৰাভাই গোচৰ দুটা উঠাই লোৱাৰ বাবে আবেদন কৰে। গোচৰ দুটা প্রত্যাহৰৰ বাবে কলিয়াবৰ আদালতত আবেদন জনায় জোনমণিৰ মাতৃয়ে। সুমিত্ৰা ৰাভাৰ লগত আছিল চি বি আইৰ বিষয়া। চিবিআইৰ আৱেষ্টনীৰ মাজত সুমিত্ৰা ৰাভা আদালতত উপস্থিত হোৱাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। 

    গোচৰ উঠাই ল’বলৈ কোনো শক্তিয়ে সুমিত্ৰা ৰাভাক হেঁচা দিলেনে..নে এয়া তেওঁৰ ব্যক্তিগত সিদ্ধান্ত সেয়া গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিল। 

    পুনৰ গভীৰ ৰসহ্যৰ মাজত সোমাই পৰিল জোনমণি ৰাভাৰ মৃত্যুৰ বাতৰি। এতিয়া মাঁথো এটাই প্ৰশ্ন-এদিন হলেও জোনমণি ৰাভাই ন্যায় পাবনে?