ডিজিটেল ডেস্কঃ আজি ৰাজ্যজুৰি হেঁপাহৰ ৰং বিয়পি পৰিছে, কিয়নো আজি মানুহে উলহ-মালহেৰে উদযাপন কৰিছে বহাগ বিহুৰ প্ৰথমটো বিহু গৰু বিহু।
ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে কামপুৰত ঘটিছ এক অঘটন। গৰু গা ধোৱাবলৈ গৈ সন্ধানহীন এজন ছাত্ৰ।
গৰুক গা ধুৱাবলৈ গৈ নৈৰ বুকুত হেৰাল বিশাল হাজৰিকা নামৰ এজন ছাত্ৰ।
কপিলী নদীত সন্ধানহীন ছাত্ৰজন। গৰু গা ধোৱাবলৈ গৈ ছাত্ৰজন সন্ধানহীন হোৱাক লৈ ৰাইজৰ মাজত হাহাকাৰ লাগিছে।
একে ঘৰৰ দুজন বিশাল আৰু মুন্নী আৰু আন এটা পৰিয়ালৰ চিন্টু হাজৰিকা, এই তিনিওজনে একলগে গৰু গা ধুৱাই থাকোতে তিনিওজন পানীত ডুব যায় যদিও দুজনক কথমপি উদ্ধাৰ কৰা হয়। ততাতৈয়াকৈ দুয়োকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে।
বৰ্তমানে সন্ধানহীন দেৱনাৰীকলিৰ বাসিন্দা বিশাল হাজৰিকা নামৰ ছাত্ৰজন।
Leave A Comment