ডিজিটেল ডেস্ক : হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহৃত পুৰণি জিপছি গাড়ীবোৰ আঁতৰাই নতুন বাহন প্ৰদান কৰা হ'ব। একেদৰে হলৌ বান্দৰ আৰু সোণালী বান্দৰ সংৰক্ষণৰ বাবেও চৰকাৰে গ্ৰহণ কৰিব বিজ্ঞানসন্মত পদক্ষেপ।
আজি বিধানসভাত বাজেট দাখিল কৰি বিত্ত মন্ত্ৰী অজন্তা নেওগে কয়, 'কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহৃত পুৰণি বাহনসমূহৰ ঠইত আমি নতুন বাহন যোগান ধৰিম। বিশেষকৈ বৈদ্যুতিক বাহন যোগান ধৰিম। ইয়াৰ বাবে বেংকৰ সহায়ত কৰা বিত্তীয় আৰ্হিৰ সবিশেষ নির্দেশনা পৰ্যটন বিভাগে জাৰি কৰিব। এই পদক্ষেপৰ বাবে চৰকাৰে ২০ কোটি টকা আবণ্টন দিছে।
আনহাতে, হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ বাবেও গ্ৰহণ কৰা হৈছে বিশেষ পদক্ষেপ। সেই অনুসৰি ৰাজ্য চৰকাৰে নেপিয়াৰ ঘাঁহৰ বাণিজ্যিক উৎপাদনত গুৰুত্ব দিব। আটাইতকৈ বেছি হাতী-মানুহৰ সংঘাত থকা ৫খন জিলা-গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত গজ মিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অতিৰিক্তভাৱে এই পদক্ষেপত সহায় কৰাৰ বাবে এই অঞ্চলবোৰত গজ মিত্ৰ দল গঠন কৰা হ'ব। একেদৰে হলৌ বান্দৰ, সোণালী বান্দৰ আৰু আন বান্দৰ প্ৰজাতিৰ জন্তুবোৰে সঘনাই পাৰ হোৱা পথ আৰু ৰে'ল লাইনৰ অংশবোৰত বিজ্ঞানসন্মত আৰ্হিৰে সুৰক্ষা জালসহ মজবুত ওলমা দলং নিৰ্মাণেৰে সিহঁতৰ সুৰক্ষিত আহ-যাহ নিশ্চিত কৰি বন্য জীৱৰ প্ৰতি সৃষ্টি হোৱা ভাবুকি হ্রাস কৰা হ'ব।
বন্য জীৱ ঘূৰি ফুৰা এলেকাত মুকলি হৈ থকা ট্রেন্সফৰ্মাৰ আৰু ওপৰেৰে যোৱা বিদ্যুৎ সংবহন তাঁৰ আদি বৈদ্যুতিক যন্ত্রাংশ আমি নিৰাপদ কৰিম বুলি জনাই মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মানৱ-বন্য জন্তুৰ সংঘাতৰ ফলত কোনো ব্যক্তিৰ মৃত্যু হ'লে এককালীন সাহায্য ৪ লাখ টকাৰ পৰা ৫ লাখ টকালৈ আৰু বন্য জন্তুৰ উপদ্ৰৱৰ ফলত শস্য নষ্ট হোৱাৰ ক্ষতিপূৰণ প্ৰতি বিঘাত ৭,৫০০ টকাৰ পৰা ৮,০০০ টকালৈ বৃদ্ধি কৰা হ'ব।
উৎস- দৈনিক জনমভূমি
Leave A Comment