ডিজিটেল ডেস্ক: কামপুৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। পুনৰ পৰকীয়া প্ৰেমৰ বাবে প্ৰাণহানি হল এগৰাকী মহিলা আৰু এজন পুৰুষৰ।
পত্নী আৰু পত্নীৰ প্ৰেমিকক হত্যা কৰিলে জয়কান্ত দাস নামৰ এজন লোকে।
স্বামী জয়কান্ত দাস নথকাৰ সময়তে ভাড়াঘৰৰ কোঠাত সোমাই আছিল পত্নী গীতাৰাণী দাস আৰু পত্নীৰ প্ৰেমিক ভাস্কৰ নাথ। ভাস্কৰ নাথ এগৰাকী টেট শিক্ষক।
পত্নী আৰু পত্নীৰ পৰকীয়া প্ৰেমিক শিক্ষক ভাস্কৰ নাথক একেটা কোঠাত দেখি খঙত অগ্নিশৰ্মা হৈ পৰে জয়কান্ত দাস।
খঙৰ ভমকত হিতাহিত জ্ঞান হেৰুৱাই পত্নী গীতা ৰাণী দাস আৰু পত্নীৰ প্ৰেমিক ভাস্কৰ নাথক ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জয়কান্ত দাসে। দুয়োকে হত্যা কৰি জয়কান্ত দাসে কামপুৰ থানাত আত্মসমৰ্পণ কৰে৷
জানিব পৰা অনুসৰি স্বামী জয়কান্ত দাস কৰ্মসূত্ৰে কামপুৰৰ বাহিৰত থাকে। আৰু কামপুৰত ভাড়াঘৰত বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়ালে। একেটা ভাড়াঘৰৰ চৌহদতে বাস কৰিছিল জয়কান্ত দাসৰ পৰিয়ালৰ আৰু টেট শিক্ষক ভাস্কৰ নাথ।
স্বামী দূৰত থকাৰ সুযোগ লৈ গীতাৰাণী দাসে প্ৰেমৰ মধুৰ সম্পৰ্ক গঢ়ি তুলিছিল ভাস্কৰ নাথৰ লগত। অৱশেষত পৰকীয়া প্ৰেম কৰি দুয়ো মৃত্যুক সাবটি লবলগীয়া হল।
মৃত টেট শিক্ষক ভাস্কৰ নাথৰ ঘৰ মঙলদৈত বুলি জানিব পৰা গৈছে। নিহত গীতাৰাণী দাস আৰু ঘাতক স্বামীৰ প্ৰকৃত ঘৰ কামপুৰৰ দেৱ নাৰিকলিত।
গাৰ নোম শিয়ৰি উঠা এই কাণ্ডই কামপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Leave A Comment