ডিজিটেল ডেস্কঃ বিশিষ্ট সংগীতশিল্পী, শিক্ষাবিদ ড° লক্ষহীৰা দাস আৰু নাই। অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ হিচাপে প্ৰখ্যাত আছিল লক্ষহীৰা দাস।
ৰাজগড়স্থিত বাসভৱনত দেহাৱসান দাসৰ। হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাবটিলে লক্ষহীৰা দাসে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।
১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত শুৱালকুছিত তেওঁ জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল লক্ষহীৰা দাস। প্ৰকাশিত পুথি কেইখনৰ নাম- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি।
বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতাও আছিল তেওঁ। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত তেওঁ কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰাৰ লগতে তেওঁ আছিল ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত সুদক্ষ গায়িকা।
৬ বছৰ বয়সতে প্ৰথম কবিতা প্ৰকাশ পোৱা আৰু হাতে লিখা আলোচনী সম্পাদনা কৰা লক্ষহীৰা দাসে কটন মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰি দেশ-বিদেশৰ বিভিন্ন সন্মিলনত ৰাজ্য আৰু দেশক প্ৰতিনিধিত্ব কৰিছিল৷
কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে অসমীয়া আৰু ইংৰাজীত ১৬খন গ্ৰন্থ ৰচনা কৰা লক্ষহীৰা দাসে দেশ-বিদেশৰ বিভিন্ন গৱেষণা প্ৰতিষ্ঠানৰো গুৰুদায়িত্ব বহন কৰিছিল৷ ৬ বছৰ বয়সতে মঞ্চত প্ৰৱেশ কৰা লক্ষহীৰা দাসে ১৯৪৮ চনতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত একেসময়তে কণ্ঠশিল্পী, সুৰকাৰ আৰু গীতিকাৰ হিচাপে স্বীকৃতি পাইছিল৷ এনে স্বীকৃতি পোৱা তেখেতেই একমাত্ৰ মহিলা শিল্পী৷
অন্যান্য বঁটা-সন্মান- অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), ভূপেন হাজৰিকা বঁটা (২০১৯) আদি। পৰিবেশ্য কলাত সামগ্ৰিক অৱদানৰ কাৰণে ড° লক্ষহীৰা দাসে সংগীত নাটক একাডেমী বঁটা (২০২২) লাভ কৰে৷
Leave A Comment