ডিজিটেল ডেস্কঃ এগৰাকী মহিলাৰ আগমনক লৈ এখন গাঁৱত উখল-মাখল পৰিবেশ বিৰাজ কৰিছে। লংকাৰ পুৰণাকাকী শণিবজাৰৰ ৰিং গাঁৱত এই পৰিৱেশ সৃষ্টি হ'ল মহিলাগৰাকীৰ আগমনক লৈ।
বিগত প্ৰায় ১৮ টা মাহে সন্ধানহীন হৈ আছিল গাঁওখনৰ ভদ্ৰেশ্বৰ কোচৰ পত্নী স্বপ্না কোচ নামৰ মহিলাগৰাকী।
ডিমেনচিয়া ৰোগত আক্ৰান্ত স্বপ্না কোচ বিভিন্ন প্ৰান্তত অনাই-বনাই ঘূৰি ফুৰাৰ অন্তত নাটকীয়ভাৱে সুদূৰ গুজৰাটৰ আহমেদাবাদত উদ্ধাৰ হয়।
উদ্ধাৰ কৰে ৰাজ্যখনৰে গোলাঘাটৰ দেৰগাঁৱৰ ইউনিভাৰ্চেল ষ্টাৰ অগেনাইজেচন নামৰ বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থাটোৰ কৰ্মকৰ্তাই।
অৱশেষত, কাকী আৰক্ষীৰ সৈতে যোগাযোগৰ অন্তত স্বপ্না কোচৰ ঠিকনা লাভ কৰে সংস্থাটোৱে।
সুৰ্দীঘ ডেৰটা বছৰ ঘৰৰ পৰা নিৰুদ্দিষ্ট হোৱাৰ অন্তত বৃহস্পতিবাৰে বে-চৰকাৰী সংস্থাটোৱে স্বপ্না কোচক লৈ নিজ ঘৰত উপস্থিত হোৱাৰ পাছতে গাঁওখনত দেখা গ'ল আনন্দৰ পৰিৱেশ।
স্বপ্না কোচক ভৰি ধুৱাই ধুপ-বন্তিৰে মংগল কামনাৰে ন-কইনাক আদৰি অনা দি আদৰিলে পৰিয়াল, আত্মীয় স্বজন আৰু গাঁওবাসীয়ে।
এক মাংগলিক অনুষ্ঠানৰ মাজেৰে নিজা ঘৰত পুনৰ প্ৰৱেশ কৰিলে স্বপ্না কোচে।
পৰিয়ালটোৰ লোকে বে-চৰকাৰী সংস্থা ইউনিভাৰ্চেল ষ্টাৰ অৰ্গেনাইজেচনক জনালে অশেষ কৃতজ্ঞতা।
Leave A Comment