• গুৱাহাটীৰ পৰা বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শ্বিলঙলৈ! আদবাটতে মৃত্যু যুৱ অধিবক্তা নম্ৰতা বৰাৰ

    আঞ্চলিক
    গুৱাহাটীৰ পৰা বন্ধুৰ সৈতে ফুৰিবলৈ গৈছিল শ্বিলঙলৈ! আদবাটতে মৃত্যু যুৱ অধিবক্তা নম্ৰতা বৰাৰ
    ডিজিটেল ডেস্কঃ বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুমুখত পৰে এগৰাকী আইনৰ ছাত্ৰী। মঙলবাৰে নিশা ৫ বন্ধু-বান্ধবীৰ সৈতে শ্বিলঙলৈ গৈছিল নুমলীগড়ৰ নম্ৰতা বৰা নামৰ যুৱতীগৰাকী। কিন্তু পুৱতি নিশা ওভতি অহা পথত ৰিভয় জিলাৰ ওচৰত দুৰ্ঘটনাত পতিত হয় তেওঁলোকৰ বাহনখন।

    শ্বিলঙৰ পৰা গুৱাহাটীলৈ ওভতাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় বোকাখাতৰ নুমলীগড় ধোদাং গাঁৱৰ নম্ৰতা বৰা নামৰ ২৫ বছৰীয়া যুৱতীগৰাকীয়ে। উল্লেখ্য যে, বোকাখাতৰ ৰমেন কুমাৰ বৰাৰ কন্যা নম্ৰতাই শেহতীয়াকৈ গুৱাহাটীৰ পৰা আইনৰ শিক্ষা সমাপ্ত কৰি উচ্চ ন্যায়ালয়ত অধিবক্তাৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

    জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় মেঘালয়ৰ ৰি-ভ’ই নংপোৰ চাংবাংলাত। নংপো থানাৰ আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, নম্ৰতা আৰু তেওঁৰ পাঁচজন সহযোগী এখন হুণ্ডাই আলকাজাৰ গাড়ীত  গুৱাহাটী অভিমুখে আহি থকাৰ সময়তে পুৱতি নিশা প্ৰায় ৪:৪৪ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো। গাড়ীখনৰ নম্বৰ AS 01 EV 9578

    অচিনাক্ত এখন ট্ৰাকে পিছফালৰ পৰা খুন্দা মাৰে ফুৰিবলৈ যোৱা দলটোৰ হুন্দাই আলকাজাৰ বাহনখনত। যাৰ ফলত বাহনখন বিস্তৰ ক্ষতি হোৱাৰ লগতে নম্ৰতা বৰা নামৰ যুৱতীগৰাকী মৃত্যুমুখত পৰে। তেওঁ মূৰত আঘাত পোৱা বাবে মৃত্যুক সাবটে।

    আনহাতে বাহনখনত থকা আন ৫ আৰোহীও সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়। পুৱতি নিশা নংপো আৰক্ষীয়ে অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই দুৰ্ঘটনাত পতিত হোৱা দলটোক।

    আনফালে যুৱতীগৰাকীৰ এই মৃত্যুক লৈ সন্দেহ কৰিছে ঘৰৰ পৰিয়ালে। কাৰণ নিশা বাৰ বজাত ৰুক্মিণীগাঁৱৰ ফ্লেটৰ দৰ্জা খুলি নম্ৰতা ফুৰিবলৈ যোৱা কথাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে।LLB উত্তীৰ্ণ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি আছিল নম্ৰতা। পৰিয়ালৰ মতে কেতিয়াও ঘৰত নোকোৱাকৈ ক’লৈও যোৱা নাছিল নম্ৰতা।

    ৰুক্মিণীগাঁৱৰ নীহাৰিকা এপাৰ্টমেণ্টত দুই বান্ধবীৰ সৈতে ভাড়াত আছিল নম্ৰতা বৰা। কিন্তু কালি নিশা দুই বান্ধৱী ভাড়াঘৰত নথকাত ফুৰিবলৈ ওলাই যোৱা ঘটনাক বিশ্বাস কৰা নাই পৰিয়ালে। ইতিমধ্যে নুমলীগড়ৰ পৰা নম্ৰতাৰ পৰিয়াল ৰাওনা হৈছে নংপো অসামৰিক চিকিৎসালয়লৈ।

    আৰক্ষীয়ে দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই যদিও ধাৰাসাৰ বৰষুণৰ বাবে পিচল হৈ থকা পথ আৰু পুৱতি নিশাৰ কম দৃশ্যমানতাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে ট্ৰাকখনৰ চালকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।