ডিজিটেল ডেস্কঃ লামডিং ৰে’ল সুৰক্ষা-বাহিনীৰ CIBৰ দলে অভিযান চলাই ডিমা হাছাও জিলাত ৰে’ল বিভাগৰ চুৰি হোৱা বৈদ্যুতিক তাঁৰ সহ তিনিজন চোৰক আটক কৰে। লামডিং ৰে’ল সুৰক্ষা বাহিনীৰ CIB দলৰ পৰিদৰ্শক নন্দেশ্বৰ দাসৰ নেতৃত্বত নিউ হাফলং RPFৰ সহযোগত অভিযান চলাই ডিটেকছৰা ৰে’ল ষ্টেচনৰ সমীপত বৰগাঁও পাহাৰৰ ঘন জংঘলৰ পৰা ৰে’ল বিভাগৰ চুৰি হোৱা বৈদ্যুতিক তাঁৰ উদ্ধাৰ কৰাৰ লগতে তিনিজন চোৰক আটক কৰা হয়।
উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে লামডিং ৰে’ল ডিভিজনৰ অন্তৰ্গত ডিমা হাছাও জিলাৰ নিউ হৰংগজাও আৰু ডিটেকছৰা ৰেল ষ্টেচনৰ মাজত বৈদ্যুতিক তাঁৰ চুৰি হৈছিল। নিউ হাফলং RPF থানাত গোচৰৰ (case নং 35/25 u/s 174 (c) Rly act) তদন্ত আৰম্ভ কৰিছিল ৰে’ল সুৰক্ষা বাহিনীৰ CIBৰ দলে।
অৱশেষত লামডিং ৰেল সুৰক্ষা বাহিনীৰ CIB দলে নিউ হাফলং RPFৰ সহযোগত চলোৱা অভিযানত ৰে’ল বিভাগৰ চুৰি হোৱা বৈদ্যুতিক তাৰ উদ্ধাৰ কৰি তিনি চোৰক আটক কৰে। আটকাধীন তিনিজন হ'ল: মুজিবুৰ ৰহমান, পৰুল হুছেইন আৰু বিলাল উদ্দিন বৰভুঁইয়া
এই চুৰিকাণ্ডৰ লগত জড়িত অন্য কোনো চক্ৰ আছে নে নাই, ৰে’ল সুৰক্ষা বাহিনীৰ CIB দলে তদন্ত অব্যাহত ৰাখিছে।
Leave A Comment