• মা কামাখ্যাক লৈ অশ্লীল মন্তব্য কৰা ৱাজাহাদ খানৰ সন্ধানত পশ্চিমবংগলৈ ৰাওনা অসম আৰক্ষী

    আঞ্চলিক
    মা কামাখ্যাক লৈ অশ্লীল মন্তব্য কৰা ৱাজাহাদ খানৰ সন্ধানত পশ্চিমবংগলৈ ৰাওনা অসম আৰক্ষী
    ডিজিটেল ডেস্কঃ  গুৱাহাটী মহানগৰীৰ নীলাচল পাহাৰত অৱস্থিত হিন্দু ধৰ্মৰ এক প্ৰাচীন মন্দিৰ হৈছে কামাখ্যা মন্দিৰ। দেশৰ মুঠ ৫১ খন দেৱীপীঠৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পীঠ এই কামাখ্যা মন্দিৰ । কামাখ্যা দেৱীৰ এই মন্দিৰ অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু জাগ্ৰত মন্দিৰ । অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসত কামাখ্যা মন্দিৰে অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে । 

    মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ বহু দূৰ-দূৰণিৰ পৰা ভক্ত আহে। দেশৰ ভিন্ন ক্ষেত্ৰৰ তাৰকাৰ লগতে বিদেশৰ পৰাও মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে ভক্তগণ। 

    মা কামাখ্যাৰ মন্দিৰ অসমৰ গৌৰৱ, অসমৰ ঐতিহ্য। এই মা কামাখ্যাক লৈ অশ্লীল মন্তব্য কৰিবলৈ মৰসাহ কৰিলে পশ্চিমবংগৰ এজন লোকে। লোকজনৰ নাম  ৱাজাহাদ খান।

    ৱাজাহাদ খানৰ সন্ধানত পশ্চিমবংগলৈ ৰাওনা অসম আৰক্ষীৰ দল। 

    মা কামাখ্যাক লৈ অশালীন মন্তব্য কৰা পশ্চিমবংগৰ ৱাজাহাদ খানৰ সন্ধানত পশ্চিমবংগলৈ গৈছে অসম আৰক্ষীৰ তিনি জনীয়া দলটো।

    বিতৰ্কিত ব্যক্তিগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    পশ্চিমবংগৰ ৱাজাহাদ খানৰ বিৰুদ্ধে গোচৰ পাণবজাৰ চাইবাৰ ক্ৰাইমত।

    গুৱাহাটী মহানগৰীত কেইবাটাও দল, সংগঠনে ৱাজাহাদৰ বিৰুদ্ধে মুঠ তিনিখন এজাহাৰ দাখিল কৰিছে।

    ৱাজাহাদ খানক বিচাৰি পশ্চিমবংগলৈ গৈছে অসম আৰক্ষীৰ দলটো।

    কামাখ্যা দেৱালয়ৰ উপৰিও ধাৰাবাহিকভাৱে ছ'চিয়েল মিডিয়াত হিন্দু দেৱ-দেৱীক লৈ  বিতৰ্কিত মন্তব্য কৰি আহিছিল ৱাজাহাদ খানে।

    ৱাজাহাদ খানৰ বিৰুদ্ধে পূৰ্বতেও ভিন্ন ৰাজ্যত ৰুজু হৈ আছে গোচৰ। সেই ৱাজাহাদ খানকে বিচাৰি পশ্চিমবংগলৈ গৈছে চাইবাৰ আৰক্ষীৰ দলটো।