• আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি! নামঘৰত কৰা হৈছে নাম-প্ৰসংগ

    আঞ্চলিক
    আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি! নামঘৰত কৰা হৈছে নাম-প্ৰসংগ
    ডিজিটেল ডেস্কঃ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন কৰা হৈছে৷ ৰাজ্যৰ বিভিন্ন স্থানৰ নামঘৰত গুৰুজনাক সেৱা জনাই নাম-প্ৰসংগ কৰা হৈছে। ১৪৮৯ চনত নাৰায়ণপুৰৰ লেতেকুপুখুৰীত মাধৱদেৱৰ জন্ম হয়। পিতৃৰ নাম আছিল গোবিন্দ গিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱৰ ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল ঊৰ্বশী।

    মাধৱদেৱ বৈৰাগী আছিল কিন্তু জীৱন বিমুখী নাছিল। জীৱনৰ প্ৰতি তেওঁৰ আছিল আস্থা আৰু গোটেই জীৱনটো গভীৰ জ্ঞানান্বেষণেৰে উপভোগ কৰিব বিচাৰিছিল। তেওঁ কোচ ৰজাৰ অনুগ্ৰহত থাকি সাহিত্য আৰু ধৰ্ম চৰ্চা কৰিছিল। নামঘোষা আৰু ভক্তিৰত্নাৱলী মাধৱদেৱৰ অনুপম সৃষ্টি। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। তেওঁ একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰি সমগ্ৰ অসমীয়া জাতিক সমৃদ্ধ কৰি গৈছে। 

    আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ তিথি উপলক্ষে প্ৰাগ নিউজৰ ফালৰ পৰা গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আশা কৰিছোঁ যাতে সকলোৱে মনৰপৰা অসূয়া-অপ্ৰীতি আঁতৰাই গুৰুজনাই মাৰ্গদৰ্শন কৰি অহা জীৱনাদৰ্শ, কৰ্মৰাজি আৰু আধ্যাত্মিকতাৰে নিজৰ জীৱন সমৃদ্ধ কৰিব। গুৰুজনাৰ অমৰ সৃষ্টিৰাজি আৰু সাৰগৰ্ভ বাণীয়ে বৃহত্তৰ অসমীয়া জাতিক যুগে যুগে সমৃদ্ধ কৰি ৰাখিব।